প্ৰঃ—মাধৱদেৱ শঙ্কৰদেৱৰ শিষ্য কেনেকৈ হ’ল?
উঃ—এবাৰ মাধৱদেৱৰ মাকৰ টান নৰিয়া হয়। মাধৱদেৱে তেতিয়া মাকৰ বেমাৰ ভাল হোৱাৰ কামনা কৰি দুৰ্গা গোসাঁনীৰ ওচৰত এটা পঠা বলি দিবলৈ সঙ্কল্প কৰে। কিন্তু মাধৱদেৱৰ বৈনায়েক গয়াপাণিয়ে পঠা বলি দিবলৈ নিদিলে। গয়াপাণিয়ে ক’লে যে ধৰ্ম্মৰ নামত জীৱহত্যা কৰাটো মহাপাপ। এই কথাত মাধৱদেৱৰ বৰ খং উঠিল। তেওঁৰ গয়াপাণিৰ লগত তৰ্ক লাগিল। গয়াপাণিয়ে মাধৱদেৱক ক’লে যে শঙ্কৰদেৱেহে মাধৱদেৱক ধৰ্ম্মৰ বিষয়ে উচিত জ্ঞান দিব পাৰিব। গতিকে মাধৱদেৱ শঙ্কৰদেৱৰ ওচৰলৈ যোৱা ভাল। সেই সময়ত শঙ্কৰদেৱ আছিল বেলগুৰিত। মাধৱদেৱ ততালিকে শঙ্কৰদেৱৰ ওচৰলৈ গ’ল। শঙ্কৰদেৱৰ লগত মাধৱদেৱৰ তৰ্ক হ’ল। তৰ্কত মাধৱদেৱৰ পৰাজয় হ’ল। শঙ্কৰদেৱে বুজাই দিলে যে একশৰণ নামধৰ্ম্ম অৰ্থাৎ বৈষ্ণৱ ধৰ্ম্মইহে পৰম ধৰ্ম্ম। ধৰ্ম্মৰ নামত জীৱহত্যা মহাপাপ। তেতিয়াৰেপৰা মাধৱদেৱে শঙ্কৰদেৱক গুৰু মানি ল’লে। তেওঁ শঙ্কৰৰ প্ৰধান শিষ্য হ’ল আৰু শঙ্কৰৰ আদেশমতে বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ধৰে।
প্ৰঃ—মাধৱদেৱে অসমৰ ক’ত ক’ত ধৰ্ম্মপ্ৰচাৰ কৰে?
উঃ —মাৱৱদেৱে গণককুছি, সুন্দৰীদিয়া, বৰপেটা, কোচবিহাৰ আদি ঠাইত ধৰ্ম্মপ্ৰচাৰ কৰে।
প্ৰঃ—মাধৱদেৱে গীত, কবিতা, নাটক আদি শিকিছিল নেকি?
উঃ—মাধৱদেৱ এজন ডাঙৰ সাহিত্যিক আছিল। নামঘোষাখন তেওঁৰ শ্ৰেষ্ঠ কাব্য। শঙ্কৰদেৱৰ দৰে মাধৱদেৱেও কিছুমান বৰগীত