পৃষ্ঠা:ৰচনা মালিকা.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
ৰচনা মালিকা

ঘোঁৰা

 প্ৰঃ—ঘোঁৰা কি?

 উঃ—ঘোঁৰা এবিধ জন্তু।

 প্ৰঃ—এই জন্তু বনৰীয়া নে ঘৰচীয়া?

 উঃ—ঘোঁৰা এবিধ ঘৰচীয়া জন্তু। ইয়াক মানুহে পোহে।

 প্ৰঃ—ঘোঁৰা দীঘলে আৰু ওখই কেই মিটাৰ মানকৈ হয়?

 উঃ—ঘোঁৰা দীঘলে প্ৰায় তিনি মিটাৰ আৰু ওখই প্ৰায় দুই মিটাৰ মানকৈ হয়।

 প্ৰঃ—ঘোঁৰাৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কি কি?

 উঃ—ইয়াৰ এখন দীঘল মুখ, দুটা চকু, দুখন কাণ, দুপাৰি দাঁত, চাৰিখন ঠেং, এটা ডিঙি, ডিঙিৰ ওপৰত একোছা কেশৰ, এটা শকত গা আৰু এডাল নেজ আছে।

 প্ৰঃ—ইয়াৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কেনেকুৱা আৰু ঘোঁৰাই এইবোৰৰ কোন বিধেৰে কি কাম কৰে?

 উঃ—ঘোঁৰাৰ কাণ দুখন থিয়। ইয়াৰ দাঁত দুপাৰি শক্তিশালী। ইয়াৰে ই ঘাঁহবোৰ চিঙি চিঙি খায়। ঘোঁৰাৰ ঠেং চাৰিখন শক্তিশালী। ইয়াৰ ঠেঙ চাৰিটাত খুৰা আছে। খুৰাবোৰ ফটা নহয়।