পৃষ্ঠা:ৰচনা মালিকা.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
ৰচনা মালিকা


 (৬) অফিচ আদিলৈ দিয়া চৰকাৰী চিঠিত “আপোনাৰ বিশ্বাসী” বুলি লিখিব লাগে।

 (৭) ‘ইতি’ লিখি তাৰ তলত সন্মান, বয়স, ব্যক্তি আদিলৈ চাই (১) ৰ পৰা (৬) লৈ লিখা কথাখিনিৰ পিছত চিঠি দিওঁতাৰ নাম বা চহী লিখিব লাগে। পিতৃ-মাতৃলৈ লিখিলে ল’ৰাই সেৱক বা ছোৱালীয়ে সেৱিকা লিখাৰ পিছত ঘৰত মতা নামো লিখিব পাৰে।

 (৮) চিঠি সম্পূৰ্ণ লিখা হোৱাৰ পিছত যালৈ পঠোৱা হয় তেওঁৰ নাম ঠিকনা পোষ্টকাৰ্ড, অন্তৰ্দ্দেশীয় পত্ৰ আদিত থকা নিৰ্দ্দিষ্ট ঠাইত লিখি ডাকঘৰত দিব লাগে। পোষ্ট কাৰ্ডত ২য় পিঠিত ঠিকনা লিখা ঠাই নিৰ্দ্দিষ্টকৈ ৰখা হৈছে। তাত ঠিকনা লিখিব লাগে। খাম বা লেফাফাৰ পিঠিৰ ফালটোত ঠিকনা লিখিব লাগে। অন্তৰ্দ্দেশীয় পত্ৰতো নিৰ্দ্দিষ্ট ঠাই ঠিকনাৰ বাবে ৰাখি থোৱা আছে। তাতেহে ঠিকনা লিখিব লাগে।

 মুছলমানী মতে :-

 (১) ইষ্টদেৱতাৰ ঠাইত ‘হবিব সহায়’, ‘ইয়াৰব’, ‘আল্লাহু’, ‘এলাহি ভৰসা’, ‘খোদা ভৰসা’, ‘হুৱালগণি’ আদি লিখা হয়।

 (২) মাননীয় জনলৈ লিখিবলৈ হ'লে ‘জোনাবেষু'; ‘পাক জোনাবেষু; ‘বদেখমতে জোনাব’ আদিৰে সম্বোধন কৰা হয়। পিতৃ মাতৃলৈ লিখিলে পিতৃৰ ক্ষেত্ৰত ‘বাবাজান’ আৰু মাতৃৰ ক্ষেত্ৰত ‘মাজান’ লিখা হয়।

 (৩) সামৰণিত লিখা নামৰ আগত ‘খাদেম’ বা ‘খাকচাৰ আদি লিখা হয়। আজিকালি সামৰণিত লিখা নামৰ আগত কিছুমানে হিন্দুৱে লিখাৰ দৰেও লিখা আৰম্ভ কৰিছে।

 (৪) সৰুলৈ লিখা চিঠিত ‘কদৰেযু’, ‘দোৱাবৰেষু’ আদিৰে সম্বোধন