পৃষ্ঠা:ৰচনা মালিকা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ৰচনা মালিকা

শ্ৰেণীত বহলাই পাবা। এতিয়া তোমালোকে শিক্ষাগুৰুৱে শিকোৱা মতে আৰু কিতাপত থকা বানান অনুসৰি শুদ্ধকৈ বানান লিখিবলৈ যত্ন কৰিবা।

 যতি চিনৰ বিষয়েও তোমালোকে বহু কথা জানিব লাগিব। এতিয়া তোমালোকে যতি চিন সম্বন্ধে অলপ কথা শিকি থোৱা।

 আমি কথা কওঁতে আৰু পঢ়োতে মাজে মাজে অৰ্থবোধৰ বাবে কিছু সময় ৰৈ যাওঁ। ৰৈ যোৱা ঠাইবোৰত কিছুমান চিনৰ প্ৰয়োগ কৰা হয়। এই চিনবোৰৰ নামেই যতি বা কুট। তলত কেইটামান যতি চিনৰ কথা কোৱা হ’ল।

 ১। (। ) বন্ধনীৰ মাজত দিয়া চিনটোৰ নাম দাৰি। বাক্য এটা শেষ হলে এই চিন বহুৱাব লাগে। যেনে :—গোলাপফুল দেখিবলৈ ধুনীয়া। ঘড়ীৰ টিক্ টিক্ টিক্ টিক্ শব্দ শুনিছানে? এই শব্দৰ গতিত ১,২,৩ বুলি উচ্চাৰণ কৰোঁতে যিমান সময় লাগে দাৰি (। ) ত সিমান সময় ৰব লাগে।

 ২। (;) এইটো চেমিকোলন বা গুৰু যতি চিন। ঘড়ীৰ শব্দৰ গতিত ১,২ বুলি উচ্চাৰণ কৰোঁতে যিমান সময় লাগে এই চিনত সিমান সময় ৰব লাগে। যেনে:—ৰাম এজন দুষ্ট ল’ৰা; কিন্তু সি বৰ দয়ালু।

 ৩। (,) এইটো কমা বা লঘু যতি চিন। ঘড়ীৰ শব্দৰ গতিত ১ বুলি উচ্চাৰণ কৰোঁতে যিমান সময় লাগে এই চিনত সিমান সময় ৰব লাগে। যেনে—জীবন, মোহন, কমল আৰু উজ্জল গ’লেই হ’ব।

 মুঠতে আটাইতকৈ কম সময় ৰ’বলৈ হ'লে কমা (,), তাতকৈ