পৃষ্ঠা:ৰচনা মালিকা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
ৰচনা মালিকা

(৪) অব্যয় পদৰ সহায়ত বাক্য ৰচনা

কিন্তু—সি দুখীয়া; কিন্তু অতি উদাৰ।

আৰু—মাণিক আৰু তুমি গলেই হ’ব।

বা— যাদৱ বা মাধৱ আহিলেই হ’ব৷

যদি—তুমি যদি যোৱা ময়ো যাম।

সৈতে—কৈলাশ মোমায়েকৰ সৈতে পূজা চাবলৈ যাব।

অনুশীলনী

১। যি কোনো দহোটা অব্যয় পদেৰে দহোটা বাক্য ৰচনা কৰা।

⸺ ⸺

(৫) ক্ৰিয়া পদৰ সহায়ত বাক্য ৰচনা

যাওঁ—মই সদায় বজাৰলৈ যাওঁ

শুনিছোঁ—অলপ মনে মনে থাকা, মই ৰেডিঅ’ৰ বাতৰি শুনিছোঁ

মৰিল—মানুহজন এই মাত্ৰ মৰিল

খাইছিল—দেৱতাসকলে অমৃত খাইছিল

কৰিলোঁহেঁতেন—তুমি যদি বিপদত সহায় কৰিলাহেঁতেন ময়ো কৰিলোঁহেঁতেন।

খেলিব — অহা কালি হৰিধনহঁতে বল খেলিব

আহি—আমি স্কুলৰপৰা আহি ভাত খাম।

অনুশীলনী

১। বৰ্ত্তমান কালৰ যিকোনো পাঁচোটা ক্ৰিয়াৰে পাঁচোটা বাক্য সাজা।

২। অতীত কালৰ যিকোনো পাঁচোটা ক্ৰিয়াৰে পাঁচোটা বাক্য সাজা।