পৃষ্ঠা:ৰচনা মালিকা.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
ৰচনা মালিকা

 উঃ—লাই শাক কেবা ধৰণৰ আছে। যেনেঃ—জেং লাই, কবি লাই, সৰু লাই, বৰ লাই, টকৌ লাই ইত্যাদি।

 প্ৰঃ—প্ৰত্যেকবিধ শাক কেনেকুৱা?

 উঃ—জেং লাইৰ পাতবোৰ সৰু আৰু পাতৰ কাষবোৰ ছিৰিলা- ছিৰিল। কবি লাইৰ পাতবোৰ কবিৰ পাতৰ দৰে ডাঙৰ। সৰু লাইৰ পাতবোৰ সৰু। বৰ লাইৰ পাতবোৰ ডাঙৰ। টকৌ লাইৰ পাতবোৰ দেখিবলৈ টকৌ পাতৰ দৰে।

 প্ৰঃ—লাই শাকৰ উপকাৰিতা কি?

 উঃ—এই শাক বৰ উপকাৰী। লাই শাকত আমাৰ শৰীৰক লগা যথেষ্ট ভিটামিন থাকে।

 প্ৰঃ—আমি এই শাকৰ খেতি কৰিব লাগেনে?

 উঃ—আমি সকলোৱে ঘৰে ঘৰে এই খেতি কৰিব লাগে। অতি কম পৰিশ্ৰমতে আমি এই খেতি কৰিব পাৰোঁ। সেউজীয়া শাক- পাচলি আদি যথেষ্ট পৰিমাণে খালেহে স্বাস্থ্য ভালে থাকিব। অসমীয়া ফকৰাতো আছে—

শাকে শুকুতাই ভক্ষণ,
সেয়ে পুৰুষৰ লক্ষণ।

  • ওপৰত দিয়া প্ৰশ্নোত্তৰ চাই লাই শাকৰ বিষয়ে এখন ৰচনা লিখা।

⸻⸻