পৃষ্ঠা:ৰচনা মালিকা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বাদশ পাঠ

বাক্য ৰচনা

(১) বিশেষ্য পদৰ সহায়ত বাক্য ৰচনা—

নদী—গঙ্গা এখন ডাঙৰ নদী

পৰ্ব্বত—ভাৰতৰ উত্তৰে হিমালয় পৰ্ব্বত

কালিদাসকালিদাস ভাৰতৰ বিখ্যাত কবি আছিল।

স্বাস্থ্যস্বাস্থ্য পৰম ধন।

সোণ—মোৰ আঙঠিটো সোণেৰে তৈয়াৰী।

অনুশীলনী

১। যিকোনো দহোটা পদেৰে দহোটা বাক্য ৰচনা কৰা।

(২) বিশেষণ পদৰ সহায়ত বাক্য ৰচনা

ভাল—শেৱালী এজনী ভাল ছোৱালী।

বেয়া—বিভা এজনী বেয়া ছোৱালী।

কলা—আমাৰ এটা কলা কুকুৰ আছে।

বগা—মই বগা ফুল ভাল পাওঁ।

ওখ—সি ৰমাতকৈ ওখ।

অনুশীলনী

১। যি কোনো দহটা বিশেষণ পদেৰে দহোটা বাক্য ৰচনা কৰা।

৩। সৰ্ব্বনাম পদৰ সহায়ত বাক্য ৰচনা—

মইমই কেতিয়াও মিছা কথা নকওঁ।

আমিআমি সদায় স্কুললৈ যাওঁ।

সিসি এজন দুষ্ট ল’ৰা।

সিহঁতসিহঁত দেউতাকৰ লগত ফুৰিবলৈ গ’ল।

তেওঁতেওঁ মোৰ বন্ধু।

অনুশীলনী

১। কি কোনো দহোটা সৰ্ব্বনাম পদেৰে দহোটা বাক্য ৰচনা কৰা।