পৃষ্ঠা:ৰচনা মালিকা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ৰচনা মালিকা

অব্যয়ৰ সূত্ৰ এতিয়া এনেকৈ ক’বা—

যি পদ ৰূপান্তৰ নোহোৱাকৈ বাক্যত ব্যৱহাৰ হয় তাকে অব্যয় পদ বোলে।

 কেইটামান অব্যয়ৰ নাম মনত ৰাখা—

 প্ৰতি, বিনে, বা, নাইবা, জানোচা, কিম্বা, উস্, ছিঃ, বাঃ, বাৰু, হবলা, নতুবা, কি, তেন্তে, সৈতে, মাত্ৰ, আৰু, যদি, অতি, নিচিনা, খাটাং, কেৱল, স্বয়ং, কদাপি।

: মুখস্থ কৰা :

অব্যয় অব্যয় হেৰা অব্যয়,
তুমি যে ব্যয়হীন পালোঁ পৰিচয়।

⸻⸻

৫। বিশেষণ পদ

 নিৰোগী মানুহ বেছিদিন জীয়াই থাকে।

 এই বাক্যটোত থকা বৰ হাতৰ পদটোলৈ লক্ষ্য কৰা।

 নিৰোগী মানে কি? নিৰোগী মানে বেমাৰ-আজাৰ নোহোৱা। কেনেকুৱা মানুহ বেছিদিন জীয়াই থাকে? নিৰোগী মানুহ বেছিদিন জীয়াই থাকে। অৰ্থাৎ বেমাৰ-আজাৰ নোহোৱা স্বাস্থ্যবান মানুহ বেছিদিন জীয়াই থাকে। ইয়াত দেখা গল ‘নিৰোগী’ পদটোৱে ‘মানুহ’ বিশেষ্য পদটোক বিশেষকৈ বুজাইছে। এই নিৰোগী পদটো

বিশেষণ।

29