পৃষ্ঠা:ৰচনা মালিকা.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
ৰচনা মালিকা

 উঃ—লাই শাক এবিধ সৰু সেউজীয়া উদ্ভিদ। ইয়াৰ পাতবোৰ মানুহে শাক হিচাপে ৰান্ধি খায়।

 প্ৰঃ—এই শাকৰ খেতি কেনেকৈ কৰে?

 উঃ—লাই শাক সাধাৰণতে আহিন-কাতি মাহত হয়। ই ৰবি শস্যৰ ভিতৰত পৰে। এই খেতি কৰিবলৈ হলে প্ৰথমতে মাটিখিনি হালেৰে নাইবা কোৰেৰে পৰিষ্কাৰকৈ চাহ কৰিব লাগে। মাটিখিনি সাৰুৱা নহ’লে তাত গোবৰৰ সাৰ দিব লাগে। মাটিখিনিৰ জেকা মৰাৰ পিছত তাত লাই শাকৰ গুটি সিঁচি দিব লাগে।

 প্ৰঃ—গুটি সিঁচাৰ কেইদিনমান পিছত ই গজি উঠে?

 উঃ—গুটি সিঁচাৰ তিনি-চাৰি দিন পিছতে ই গজি উঠে।

 প্ৰঃ—শাকৰ পুলিবোৰ গজি উঠা ঠাইৰপৰা তুলি নি আন ঠাইত ৰুব পাৰিনে?

 উঃ—আন ঠাইত মাটি পৰিষ্কাৰকৈ চাহ কৰি লাই শাকৰ পুলি- বোৰ ন-দহ চেন্টিমিটাৰ আঁতৰে আঁতৰে ৰুব পাৰি। এনেকৈ ৰুলে ই সোনকালে ডাঙৰ হৈ উঠে আৰু পাতবোৰ ডাঙৰ ডাঙৰ হয়। এঠাইৰ পৰা আন ঠাইলৈ পুলিবোৰ তুলি নিনিয়াকৈয়ো এই খেতি কৰিব পাৰি।

 প্ৰঃ—গুটি সিঁচাৰ কিমান দিন পিছত এই শাক খাব পাৰি?

 উঃ—বিশ-পঁচিশ দিনমান পিছত এই শাক খাব পাৰি।

 প্ৰঃ—এই শাক কিমান দিনলৈ খাব পাৰি?

 উঃ—প্ৰায় ডেৰ মাহ বা দুমাহ মানলৈ এই শাক খাব পাৰি।

 প্ৰঃ—লাই শাক কিমান ধৰণৰ আছে?