পৃষ্ঠা:ৰচনা মালিকা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
ৰচনা মালিকা

হৈ পৰে। পিছে সুন্দৰ ঠাচত সাধুকথা লিখিব নোৱাৰিলেও চকুৰ আগত দেখা দুই এটা ঘটনা সাধুকথাৰ আকাৰত তোমালোকে লিখিবলৈ যত্ন কৰা উচিত। চেষ্টা কৰি থাকিলে এদিন তোমালোকেও ভাল সাধুকথা লিখিব পৰা হ’বা।

 সাধুকথা বহু ধৰণে লিখিব পাৰি। এই শ্ৰেণীত তোমালোকক কেৱল ছবিৰ সহায়ত কেনেকৈ সাধু লিখিব পাৰি তাকেহে শিকোৱা হ’ব। সঙ্কেত বাক্যৰ সহায়তো সাধু লিখিব পাৰি। সেই বিষয়ে ওপৰৰ শ্ৰেণীত শিকোৱা হ’ব।

 এতিয়া ছবি চাই সাধু কথা লিখোঁতে সাধুবোৰ কেনে হব লাগে তাৰ এটা আৰ্হি তলত দিয়া হ’ল। মন দি পঢ়া। তোমালোকে এই আৰ্হিমতে সাধু কথা লিখিবলৈ চেষ্টা কৰিবা।

সাধু কথাৰ আৰ্হি

(১) দৰ্জ্জীৰ ভুল

 ইন্দ্ৰপুৰ নামে এখন নগৰ আছিল। নগৰখন অতি মনোৰম। নগৰখনৰ ঠায়ে ঠায়ে ওখ-চাপৰ টিলাবোৰ। তাত থকা সৰু-বৰ অট্টালিকাবোৰ ইমান ধুনীয়া যে চালে চাই থাকিবৰ মন যায়। নগৰখনৰ কাষেৰে এটা সৰু নদী বৈ গৈছে।

 সেই নগৰৰে এজন সদাগৰৰ এটা হাতী আছিল। হাতীটো প্ৰায় মানুহৰ দৰেই জ্ঞানী। সি সকলো কথা বুজি পায়। হাতীটোৱে সদায় দুপৰীয়া মাউত নোহোৱাকৈয়ে অকলে অকলে নদীত গা-ধুবলৈ আহে। গা ধুই আকৌ ঘৰলৈ উভতি যায়।

 হাতীটো অহা-যোৱা কৰা বাটৰ কাষতে এজন দৰ্জ্জীয়ে এখন দোকান দিছিল। দৰ্জ্জীজনে বৰ ভালকৈ কাপোৰ চিলাই কৰিছিল।