পৃষ্ঠা:ৰচনা মালিকা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
ৰচনা মালিকা

 সি পঢ়িছে। এই বাক্যটোৰ অৰ্থ হ’ল সি পঢ়ি আছে। অৰ্থাৎ তাৰ পঢ়া কামটো চলি আছে। ‘পঢ়িছে’ ক্ৰিয়াই পঢ়া কামটো এতিয়াও চলি থকা বুজাইছে।

 গতিকে দেখা গল সদায় চলি থকা নিয়ম, অভ্যাস, চলিত সময়ত কোনো কাম কৰা বা হোৱা, নাইবা কোনো কাম এতিয়াও কৰি থকা বা হৈ থকা বুজাবলৈ বৰ্ত্তমান কাল ব্যৱহাৰ কৰা হয়।

 এতেকে,

 সদায় চলি থকা নিয়ম, অভ্যাস, চলিত সময়ত কোনো কাম কৰা বা হোৱা, নাইবা কোনো কাম এতিয়াও কৰি থকা বা হৈ থকা বুজাবলৈ যি কাল ব্যৱহাৰ কৰা হয় তাকে বৰ্ত্তমান কাল বোলে।

 (২) অতীত কাল :

 তলৰ বাক্য কেইটা পঢ়া আৰু বৰ হাতৰ পদ কেইটালৈ লক্ষ্য কৰা—

 মানুহজন এইমাত্ৰ আহিল। ৰাম অযোধ্যাৰ ৰজা আছিল। হৰি অহা-হেঁতেন মই তেওঁৰ লগত গলোঁহেঁতেন

 এই বাক্য কেইটাত থকা ‘আহিল’, ‘আছিল’, ‘অহাহেঁতেন আৰু ‘গলোঁহেঁতেন’ ক্ৰিয়া-কেইটা অতীত কালৰ ক্ৰিয়া।

 মানুহজন এইমাত্ৰ আহিল। অৰ্থাৎ আহি পোৱাৰ বেছি সময় হোৱা নাই। অহা কামটো শেষ হ’ল মাত্ৰ। ‘আহিল’ ক্ৰিয়াই অহা কামটো অলপ আগতে শেষ হোৱা বুজাইছে।

 ৰাম অযোধ্যাৰ ৰজা আছিল। ইয়াত ‘আছিল’ ক্ৰিয়াটোৱে আগতে থকা কথাটো বুজাইছে।

 হৰি অহাহেঁতেন মই তেওঁৰ লগত গলোঁহেঁতেন। পিছে হৰিয়ো