পৃষ্ঠা:ৰচনা মালিকা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
ৰচনা মালিকা

 প্ৰঃ—কি কি বৰণৰ কুকুৰ দেখিবলৈ পোৱা যায়?

 উঃ—ৰঙা, বগা, কলা, মুগা, পখৰা আদি নানা বৰণৰ কুকুৰ দেখিবলৈ পোৱা যায়।

 প্ৰঃ—কুকুৰ কি কি জাতিৰ আছে?

 উঃ—কুকুৰ বহু জাতিৰ আছে। যেনে-ভুটীয়া, দেশী, গ্ৰে-হাউণ্ড, বুলডগ, এলচেচিয়ান ইত্যাদি।

 প্ৰঃ—কুকুৰক প্ৰধানকৈ কেই ভাগত ভগাব পাৰি। ভাগ কেইটা কি কি?

 উঃ—কুকুৰক প্ৰধানকৈ দুই ভাগত ভগাব পাৰি। যেনে –মতা কুকুৰ আৰু মাইকী কুকুৰ।

 প্ৰঃ—মতা কুকুৰ আৰু মাইকী কুকুৰক কি বোলে?

 উঃ—মতা কুকুৰক ধেকুৰা আৰু মাইকী কুকুৰক ধেকুৰী বোলে৷

 প্ৰঃ— কুকুৰৰ স্বভাৱ কেনেকুৱা?

 উঃ—কুকুৰ বৰ প্ৰভুভক্ত। গৰাকীৰ বাবে ই দৰ্কাৰ হলে প্ৰাণো দিব পাৰে। ই অলপতে সন্তুষ্ট হয়। ইয়াৰ নিদ্ৰা কম। কুকুৰৰ শ্ৰৱণ শক্তি অতি প্ৰবল। গছৰ পাত এটা সৰি পৰিলেও ই তৎক্ষণাৎ সাৰ পাই উঠে। ইয়াৰ ঘ্ৰাণশক্তিও অত্যন্ত বেছি। শুঙিলেই ই শত্ৰু-মিত্ৰ চিনি পায়। আনকি ঘ্ৰাণশক্তিৰে কুকুৰে চোৰ পৰ্য্যন্ত ধৰিব পাৰে। ই বেগাই দৌৰিব পাৰে। কুকুৰৰ প্ৰধান আহাৰ মাংস। ভাত-মাছ আদি খায়ো কুকুৰে ভাল পায়। মাইকী কুকুৰে একোবাৰত চাৰি- পাঁচটাকৈ পোৱালি দিয়ে। পোৱালিবোৰে মাকৰ পিয়াহ খাই