পৃষ্ঠা:ৰচনা মালিকা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ৰচনা মালিকা

আনিলে। দৰ্জ্জীৰ এই ব্যৱহাৰত হাতীটোৰ বৰ লাজ লাগিল আৰু খং উঠিল। সি লাজে-খঙে নদীলৈ গ’ল।

 নদীত সি ভালদৰে গা ধুই ল’লে। সি কিন্তু দৰ্জ্জীৰ ব্যৱহাৰৰ কথা পাহৰা নাছিল। দৰ্জ্জীক সিও এসেকা দিবলৈ ঠিক কৰিলে। সেইকাৰণে হাতীটোৱে তাৰ শুঁৰত ইচ্ছামতে ঘোলাপানী কিছুমান ভৰাই লৈ ঘৰ মুৱাকৈ খোজ ল’লে। দৰ্জ্জীৰ দুৱাৰ মুখ পায়েই ততালিকে সি শুঁৰডাল দোকানৰ ভিতৰলৈ সোমাই দি ঘোলা পানীবোৰ চাৰিওফালে ছটিয়াই দিলে। ঘোলাপানী লাগি দোকানৰ সকলো দামী দামী কাপোৰ নষ্ট হৈ গ’ল। দৰ্জ্জীয়ে মনত বৰ দুখ পালে। হাতীটোলৈ কৰা বেয়া ব্যৱহাৰৰ ফলতেই যে তাৰ এনে গতি হ’ল সি বুজি পালে আৰু শেষত সি অনুতাপ কৰিলে।

 এতেকে দেখা গ’ল, খঙত অধীৰ হৈ কৰা কামৰ ফল কেতিয়াও ভাল নহয়।

⸺⸺⸺

(২) এটা কুকুৰ আৰু এটুকুৰা মাংস

 এদিনাখন এটা কুকুৰে ক’তো একো খাবলৈ নাপাই চাৰিওফালে আহাৰ বিচাৰি ঘূৰি ফুৰিছিল। অৱশেষত সি ঘূৰি ঘূৰি এখন কচাইখানাৰ সন্মুখত উপস্থিত হ’লগৈ। কচায়ে তেতিয়া খাহী এটা মাৰি তাৰ মাংস কাটি আছিল। কুকুৰটোৱে আশাপালি ৰখি থকা কাৰণে কচায়ে তালৈ খাহীৰ ঠেং এখন দলিয়াই দিলে। কুকুৰটোৱে মাংস টুকুৰা কামুৰি ললে আৰু খোৱাৰ কাৰণে নিৰাপদ ঠাই বিচাৰি যাবলৈ ধৰিলে।

 গৈ থাকোতে বাটতে সি এটা নদী পালে। নদীটোৰ ওপৰত এখন দলং আছে। নদীখন পাৰ হ’বলৈ সি দলঙত উঠিল। দলঙত