পৃষ্ঠা:ৰচনা মালিকা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ৰচনা মালিকা

 এতিয়া তোমালোকে শিকিলা যে বাক্যৰ প্ৰধান ভাগ দুটা। এটা উদ্দেশ্য আৰু আনটো বিধেয়।

 তলত কেইটামান বাক্য উদ্দেশ্য আৰু বিধেয় এই দুই ভাগত কেনেকৈ ভগোৱা হৈছে চোৱা :

বাক্য উদ্দেশ্য বিধেয়

লাচিতে মোমায়েকক কাটিছিল
 বাবুল এজন ভাল ল’ৰা।
ভাল ল’ৰাই সদায় স্কুললৈ যায়।
ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধান মন্ত্ৰী

লাচিতে
বাবুল
ভাল ল’ৰাই
ইন্দিৰা গান্ধী

মোমায়েকক কাটিছিল
এজন ভাল ল’ৰা।
সদায় স্কুললৈ যায়।
ভাৰতৰ প্ৰধান মন্ত্ৰী


অনুশীলনী

 ১। উদ্দেশ্য আৰু বিধেয় বুলিলে কি বুজা?

 ২। তলৰ বাক্যবোৰৰ উদ্দেশ্য আৰু বিধেয় অংশ দুটা বেলেগ কৰি দেখুওৱা।

 (ক) শ্ৰীশ্ৰীশঙ্কৰদেৱ এজন মহাপুৰুষ আছিল।

 (খ) প্ৰণতিয়ে বিহুগীত গাইছে।

 গ) ভদীয়াই ঢোল-পেপা বজাইছে।

 (ঘ) সকলোৱে বিহুতলীলৈ ঢাপলি মেলিছে।

 (ঙ) দয়ালু মানুহে সকলোকে মৰম কৰে।

 (চ) কেতিয়াও মিছা কথা নক’বা।