পৃষ্ঠা:ৰচনা মালিকা.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
ৰচনা মালিকা


আছে, সেই সকলোবোৰৰ বিষয়ে ৰচনা হ’ব পাৰে। চকুৰে নেদেখা বস্তুৰ বিষয়েও ৰচনা লিখিব পাৰি। যেনে :— স্বাস্থ্য, দয়া, ক্ষমা, সাধুতা আদি চকুৰে নেদেখা বস্তু। এইবোৰৰ বিষয়েও ৰচনা লিখিব পাৰি। পিছে চকুৰে নেদেখা বস্তু বিলাকৰ বিষয়ে ৰচনা লিখাটো সহজ নহয়। এই বিলাকৰ বিষয়ে ৰচনা লিখিবলৈ হ’লে লিখোঁতাজনৰ বিষয়বস্তুৰ ওপৰত ভাল জ্ঞান থাকিব লাগিব। তোমালোক প্ৰত্যেকৰে বয়স এতিয়া দহ বা বাৰ বছৰৰ বেছি নহয়। এই কোমল বয়সত চকুৰে নেদেখা বস্তু বিলাকৰ বিষয়ে তোমালোকৰ বেছি জ্ঞান হোৱা নাই। গতিকে এই বিষয়বোৰৰ ওপৰত এতিয়া তোমালোকে ৰচনা লিখিব নালাগে। তোমালোকে এই বয়সত চকুৰ আগত দেখা পোৱা বস্তু বিলাকৰ বিষয়েহে ৰচনা লিখিব পাৰিবা। কাৰণ সদায় দেখি থকা বস্তুবিলাকৰ বিষয়ে তোমালোকে নিশ্চয় কিছু নহয় কিছু কথা জানা। এটা কথা মনত ৰাখিবা : নিজৰ অভিজ্ঞতা নাথাকিলে বা নিজে কোনো কথা নাজানিলে আনৰ পৰা শুনি কোনেও ৰচনা লিখিব নোৱাৰে। গতিকে তোমালোকে জনা কথাৰ ওপৰতহে ৰচনা লিখিব লাগিব।

 এতিয়া তোমালোকৰ বাবে সহজ ৰচনা কি কি হব পাৰে ভাবি চোৱা :

 গৰু, ঘোঁৰা, হাতী, ছাগলী, কুকুৰ, মেকুৰী আদি প্ৰাণী; চকী, মেজ, কাগজ, কলম, পিঠা আদি বস্তু; ধান, কলগছ, শাক-পাচলি, ফল-মূল, ফুল আদি উদ্ভিদ; গাওঁ, নগৰ, দেৱালয় আদি স্থান তোমালোকে সদায় দেখি আহিছা। এই বিলাকৰ বিষয়ে তোমা- লোকে হয়তো কিছু কথা জানা। সেইদৰে বিহু, দুৰ্গাপূজা, সৰস্বতী