পৃষ্ঠা:ৰচনা মালিকা.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধান খেতি

 প্ৰঃ—ধান কি জাতীয় উদ্ভিদ?

 উঃ—ধান তৃণ জাতীয় উদ্ভিদ।

 প্ৰঃ —এই খেতি বিশেষকৈ কেইবিধ আৰু কি কি?

 উঃ— এই খেতি বিশেষকৈ তিনিবিধ। যেনেঃ— আহু, শালি, আৰু বাও।

 প্ৰঃ—আহু খেতি কেনেকৈ কৰে?

 উঃ— আহু খেতিৰ কাৰণে বাম মাটি লাগে। এই খেতি ফাগুন-চ’ত মাহত কৰে। মাঘ-ফাগুন মাহত খেতিয়কসকলে হাল বাই এই খেতিৰ বাবে মাটি চাহ কৰে। মাটি চাহ হোৱাৰ পিছত ফাগুন মাহৰ শেষৰ পিনে নাইবা চ’ত মাহৰ আৰম্ভণিতে মাটিত