দশম পাঠ
বাক্যত পদ বহুওৱাৰ কেইটামান নিয়ম
বাক্য এটা লিখিবলৈ হ’লে পদবোৰ যথা স্থানত বহুৱাব জানিব লাগিব। পদবোৰ যথাস্থানত নবহিলে একো অৰ্থ নোলায়। অৰ্থ নোলালে সি বাক্যও নহয়। গতিকে বাক্য লিখিবলৈ হ’লে তোমালোকে কেইটামান নিয়ম জানিবই লাগিব। সেই নিয়ম- বোৰ তলত উল্লেখ কৰা হ’ল; মনোেযোগেৰে পঢ়া :
(১) বাক্যত প্ৰথমতে কৰ্ত্তাপদ আৰু তাৰ পিছত সমাপিকা ক্ৰিয়াপদ বহুৱাব লাগে। যেনে :— মালতীয়ে হাঁহিছে। সি শুইছে।
(২) বাক্যত কৰ্ত্তা যি পুৰুষত লিখা হয়, ক্ৰিয়াটোও সেই পুৰুষত লিখিব লাগে। যেনে :—মই যাওঁ। সি যায়।
(৩) বাক্যত কৰ্ত্তা এক বচনো হব পাৰে বহুবচনো হ’ব পাৰে; কিন্তু ক্ৰিয়া দুয়ো বচনতে একে থাকে। যেনে :—মই যাওঁ। আমি যাওঁ। সি যায়। সিহঁত যায়।
(৪) এটা বাক্যত যদি উত্তমপুৰুষ, মধ্যমপুৰুষ আৰু নামপুৰুষৰ তিনিওটা এটা ক্ৰিয়াৰ কৰ্ত্তা হিচাপে থাকে, তেতিয়া ক্ৰিয়াটো উত্তম- পুৰুষৰ হয়। বাক্যটোত তিনিওটা পুৰুষ লিখোঁতে প্ৰথমে নামপুৰুষ, তাৰ পিছত মধ্যমপুৰুষ আৰু শেষত উত্তমপুৰুষ লিখিব লাগে। যেনে :— দীনবন্ধু, তুমি আৰু মই যাম।
(৫) বাক্যত কৰ্ত্তা মধ্যমপুৰুষ আৰু নামপুৰুষ হলে প্ৰথমে নাম-