পৃষ্ঠা:ৰচনা মালিকা.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
ৰচনা মালিকা

সেইকাৰণে ই বোকাত খোজ কাঢ়িব নোৱাৰে। ঘোঁৰাৰ ডিঙিটোৰ ওপৰত থকা কেশৰখিনি দেখিবলৈ ধুনীয়া। ঘোঁৰাৰ গাটো চুটি চুটি মিহি নোমেৰে ভৰা। ঘোঁৰাৰ নেজডাল একোচা দীঘল চুলিৰ সমষ্টি মাথোন। ইয়াৰে ই মাখি, মহ, ডাঁহ আদি খেদে।

 প্ৰশ্ন :— কি কি ধৰণৰ ঘোঁৰা দেখিবলৈ পোৱা যায়?

 উত্তৰ :— ৰঙা, বগা, কলা আদি নানা ধৰণৰ ঘোঁৰা দেখিবলৈ পোৱা যায়।

 প্ৰঃ— ঘোঁৰা কিমান প্ৰকাৰৰ আছে?

 উঃ—ঘোঁৰা অনেক প্ৰকাৰৰ আছে। যেনে—দেশী ঘোঁৰা, মণিপুৰী ঘোঁৰা, ভুটীয়া ঘোঁৰা, বিলাতী ঘোঁৰা, আৰবৰ ঘোঁৰা ইত্যাদি। দেশী ঘোঁৰাবোৰ সৰু। মণিপুৰী আৰু ভুটীয়া ঘোঁৰাও সৰু আৰু চাপৰ, কিন্তু ইহঁতে দেশী ঘোঁৰাতকৈ বেছি দৌৰিব পাৰে। আৰৱ আৰু বিলাতৰ ঘোঁৰাবিলাক যথেষ্ট শকত-আৱত আৰু শক্তিশালী। ইহঁতেও অতি বেগাই দৌৰিব পাৰে।

 প্ৰঃ—ঘোঁৰাৰ স্বভাৱ কেনেকুৱা?

 উঃ-ঘোঁৰা বৰ শান্ত প্ৰাণী। ই সহজে পোহ মানে। ই বৰ প্ৰভুভক্ত। ঘোঁৰা বৰ বলী। ই যথেষ্ট পৰিশ্ৰম কৰিব পাৰে। ঘোঁৰাই ঘণ্টাত দহ-বাৰ কিলোমিটাৰ বাট সহজে দৌৰিব পাৰে। ঘোঁৰাই থিয়ই থিয়ই টোপনি মাৰে। মাইকী ঘোঁৰাই এবাৰত এটাকৈ পোৱালি দিয়ে। ঘোঁৰাই ঘাঁহ, মাহ, বুট আদি খাই জীয়াই থাকে।

 প্ৰ:—ঘোঁৰা ক’ত ক’ত পোৱা যায়?

 উঃ—ঘোঁৰা পৃথিবীৰ প্ৰায় সকলো দেশতে পোৱা যায়।

 প্ৰঃ—ঘোঁৰাই আমাৰ কি কি উপকাৰ কৰে?