পৃষ্ঠা:ৰচনা মালিকা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰচনা-মালিকা


২। সি সদায় স্কুললৈ যায় নে? —এটা খণ্ড।

৩। তাক যে ইমান মৰম লাগে! —আন এটা খণ্ড।

 এই খণ্ডবোৰ দাৰি (। ), প্ৰশ্নবোধক (?) আৰু ভাববোধক (!) চিনেৰে শেষ হৈছে। এই খণ্ডবোৰৰ প্ৰতিটোৰে অৰ্থ নাইনে বাৰু? প্ৰতিটো খণ্ডৰে অৰ্থ আছে। এই অৰ্থ থকা প্ৰতিটো খণ্ডই একো একোটা বাক্য। এতিয়া প্ৰথম বাক্যটোলৈ লক্ষ্য কৰা।

 ৰাম এজন ভাল ল’ৰা। এইটো এটা বাক্য। এই বাক্যটোত থকা ৰাম, এজন, ভাল, ল’ৰা—এই চাৰিটা কি বাৰু? তোমালোকে হয়তো ক’বা যে ইহত প্ৰত্যেকেই একো একোটা শব্দ, যিহেতু ইহঁতৰ লগত কোনো বিভক্তি যোগ হোৱা নাই। পিছে এটা কথা মনত ৰাখিবা, বিভক্তি যোগ নহলেও কোনো শব্দ যদি বাক্যত ব্যৱহাৰ হয়, তেতিয়া সি পদ নাম লয়। গতিকে ওপৰৰ বাক্যত থকা ৰাম, এজন, ভাল, ল’ৰা—এই চাৰিটাৰ প্ৰত্যেকটোৱে একো একোটা পদ।

 এতিয়া দ্বিতীয় বাক্যটোলৈ লক্ষ্য কৰা।

 সি সদায় স্কুললৈ যায় নে? এই বাক্যটোত সি, সদায়, স্কুললৈ, যায়, নে—এই পাচোঁটা পদ আছে। এই পাচোঁটা পদৰ ভিতৰত ‘স্কুললৈ’ পদটো লক্ষ্য কৰা। এই পদটো স্কুল শব্দত ‘অলৈ’ বিভক্তি যোগ হৈ তৈয়াৰ হৈছে। স্কুল+অলৈ = স্কুললৈ।

 এইবাৰ তৃতীয় বাক্যটোলৈ চোৱাঃ তাক যে ইমান মৰম লাগে! এই বাক্যতো তাক, যে, ইমান, মৰম, লাগে—এই পাচোঁটা পদ আছে। ইয়াতো ‘তাক’ পদটো ‘সি’ শব্দৰপৰা ওলোৱা ‘তা’