এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় পাঠ
১। শব্দ বিভক্তিৰ চমু পৰিচয় আৰু পদৰচনা
শব্দ বিভক্তি কাক বোলে, ই কেই প্ৰকাৰ ইত্যাদি কথা তোমালোকে ওপৰৰ শ্ৰেণীত বিতংকৈ জানিব পাৰিবা। এতিয়া মাত্ৰ তোমালোকে তলত দিয়া কথাখিনি জানি থোৱা।
এ, অক, ক, এৰে, ৰে, অলৈ, লৈ, অৰ, ৰ, অত, ত— এই কেইটা শব্দ বিভক্তি। ইহঁত শব্দৰ পিছত যোগ হয়। শব্দত এই বিভক্তিবোৰ যোগ হ’লে একো একোটা পদ হয়। পদবোৰ বাক্যত ব্যৱহাৰ হয়। বাক্যৰ বিষয়ে পিছৰ পাঠত আলোচনা কৰা হৈছে। এতিয়া শব্দত বিভক্তি যোগ হৈ কেনেকৈ পদ হয় চোৱা—
| শব্দ | বিভক্তি | পদ |
| মানুহ | এ | মানুহে |
| মানুহ | অক | মানুহক |
| হৰি | ক | হৰিক |
| মানুহ | এৰে | মানুহেৰে |
| ভৰি | ৰে | ভৰিৰে |
| মানুহ | অলৈ | মানুহলৈ |
| গুৰু | লৈ | গুৰুলৈ |
| মানুহ | অৰ | মানুহৰ |
| যদু | ৰ | যদুৰ |