পৃষ্ঠা:ৰচনা মালিকা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
ৰচনা মালিকা

ভাবোঁতে কিন্তু আমি কথাবোৰ এফালৰপৰা ক্ৰমান্বয়ে ভাবি যাব লাগিব। ক্ৰমান্বয়ে ভাবি নগলে আমি জনা কথাও হয়তো ক’ৰবাত ৰৈ যাব পাৰে। যেনে—ধৰি লোৱা আমি গৰুটোৰ ৰূপ বা আকৃতিৰ কথা ভাবিলোঁ ৷ আকৃতিৰ কথা ভাবোঁতে আমি গৰুৰ মূৰৰ ফালৰ পৰা ভাবি আহিব পাৰোঁ মূৰটোত যি যি বস্তু থাকে তাৰ কথাখিনি প্ৰথমে লিখিলোঁ। তাৰ পিছতে হয়তো ডিঙি বা গলৰ কথা ভাবিলোঁ ৷ সেই বিষয়ে যি জানো লিখিলোঁ। তাৰ পিছতে হয়তো গাটোৰ কথা ভাবিলোঁ। গাটোৰ বিষয়ে যি জানো লিখিলোঁ৷ এই দৰে আমি মূৰৰপৰা আৰম্ভ কৰি নেজলৈকে ভাবি গৰুটোৰ আকৃতিৰ বিষয়ে সকলোখিনি কথা লিখিব পাৰোঁ।

 আকৃতিৰ কথা ভবাৰ পিছত হয়তো আমি গৰুৰ বৰণৰ কথাই ভাবিব পাৰোঁ।

 গাৰ বৰণৰ কথা ভবাৰ পিছত হয়তো আমি গৰুৰ স্বভাৱ চৰিত্ৰৰ কথাই ভাবিব পাৰোঁ। এই দৰে শৃঙ্খলাপূৰ্ণভাৱে এটাৰ পিছত এটাকৈ ভাবি অহাকে ক্ৰমান্বয়ে ভাবি অহা বোলে। ক্ৰমান্বয়ে ভাবি আহিলে মাজতে কোনো কথা ৰৈ যোৱাৰ ভয় নাথাকে। কিন্তু এনেকৈ নাভাবি যদি প্ৰথমে মূৰৰ কথা, তাৰ পিছত নেজৰ কথা, তাৰ পিছত ঠেঙৰ কথা, তাৰ পিছত উপকাৰিতাৰ কথা, তাৰ পিছত বৰণৰ কথা আদি জপিয়াই জপিয়াই ভাবি যাওঁ আৰু লিখি যাওঁ তেনেহলে ৰচনাখন ভাল নহ’ব। এনেদৰে লিখিলে মাজে মাজে বহু জনা কথাও ৰৈ যাব পাৰে। এনেদৰে জপিয়াই জপিয়াই ভবাকে বিশৃঙ্খলকৈ ভবা বোলে। আমি ৰচনা লিখোঁতে