পৃষ্ঠা:ৰচনা মালিকা.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
ৰচনা মালিকা


 প্ৰঃ-গুৱাহাটীৰ ক’ত চিৰিয়াখানা আছে?

 উঃ- গুৱাহাটীৰ জাপৰিগোগত এখন বিখ্যাত চিৰিয়াখানা আছে।

 প্ৰঃ—এই চিৰিয়াখানাখন চাবলৈ কেতিয়াৰপৰা মন আছিল?

 উঃ বহুদিনৰপৰা আমাৰ মা-দেউতা আৰু শিক্ষাগুৰুসকলৰ মুখে গুৱাহাটীৰ চিৰিয়াখানাৰ কথা শুনি আছিলোঁ। তাত হেনো বহুতো চাবলগীয়া জীৱ-জন্তু, পশু-পক্ষী আদি আছে। সেয়েহে চিৰিয়াখানাখন চাবলৈ সৰুৰেপৰা মন আছিল।

 প্ৰঃ—আমি কেতিয়া চিৰিয়াখানা চাবলৈ ওলালোঁ?

 উঃ—গৰমৰ বন্ধত এদিন ৰবিবাৰে আমি চিৰিয়াখানা চাবলৈ ওলালোঁ।

 প্ৰঃ—আমি কোন কোন গৈছিলোঁ?

 উঃ মা, দেউতা আৰু তিনিজন ভাই-ভনী মিলি আমি গোটেই পৰিয়ালেটো চিৰিয়াখানালৈ গৈছিলোঁ।

 প্ৰঃ—আমি কেনেকৈ চিৰিয়াখানালৈ গৈছিলোঁ?

 উঃ—আমি থকা ঠাই বিৰুবাৰীৰপৰা উলুবাৰী চাৰি আলি চকলৈ প্ৰায় তিনি কিলোমিটাৰ মান দূৰ। এইখিনি ৰাস্তা আমি ৰিক্সাৰে গৈছিলোঁ। আমি দুখন ৰিক্সা লৈছিলোঁ। এখনত মা আৰু মই উঠিছিলোঁ আৰু আনখনত দেউতা, সবিতা, ভন্টি আৰু ৰাতুল ভাইটি উঠিছিল। আমি উলুবাৰী চক পাওঁতে প্ৰায় আধা ঘণ্টা সময় লাগিছিল। তেতিয়া সময় দিনৰ ১০টা। ৰিক্সাৰপৰা নামিয়েই আমি চিটিবাচ পাইছিলোঁ; কিন্তু মানুহৰ ইমান ভিৰ আছিল যে আমি উঠাৰ সুযোগ নাপালোঁ। বিশ মিনিট মান পিছত আন এখন চিটি বাচ