পৃষ্ঠা:ৰচনা মালিকা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰচনা-মালিকা


৭। পৰিপাটিকৈ বাক্য সাজাঁঃ—

 কবা সদায় কথা সত্য। ধৰ্ম্ম অহিংসা পৰম। আমি দেশৰ মানুহ স্বাধীন। ৰাম আছিল ৰজা এজন। মই পঢ়োঁ শ্ৰেণীত পঞ্চম।

⸻⸻

পঞ্চম পাঠ

পদৰ শ্ৰেণী বিভাগ

 পদ কাক বোলে ইতিমধ্যে তোমালোকে পাই আহিছা। এতিয়া তোমালোকে পদ প্ৰধানকৈ কেইবিধ, এই কথা জানিব লাগিব।

 পদ প্ৰধানকৈ পাঁচ ভাগত ভগাব পাৰি। যেনে—বিশেষ্য পদ, বিশেষণ পদ, সৰ্ব্বনাম পদ, অব্যয়পদ আৰু ক্ৰিয়া পদ। প্ৰত্যেক বিধ পদৰ বিষয়ে তোমালোকে এতিয়া অলপ-অচৰপ জানি থোৱা। ওপৰৰ শ্ৰেণীতে গৈ এই বিষয়ে সবিশেষ জানিব পাৰিবা।

১। বিশেষ্য পদ

(১) বাঘে মানুহ খায়।

(২) মানুহ মৰণশীল।

(৩) ভূপেনে গান গায়।

(৪) কলমটো ধুনীয়া।

(৫) গুৱাহাটী এখন বিখ্যাত ঠাই।

(৬) দয়া স্বৰ্গীয় গুণ।