পৃষ্ঠা:ৰচনা মালিকা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
ৰচনা মালিকা


(৫) সোঁখন হাতেৰে তাই যঁতৰ ঘূৰাইছে।

অনুশীলনী

১। তলত দিয়া প্ৰাকৃতিক দৃশ্যটি চাই তাৰ বিষয়ে দহোটো বাক্য লিখা।

⸻ ⸻

চতুৰ্দ্দশ পাঠ

১। সাধু কথা ৰচনা

 সকলো দেশৰ ভাষাতে কিছুমান চলিত সাধু কথা আছে। ল’ৰা-ছোৱালীৰ চৰিত্ৰ গঠনত এই সাধুবোৰে যথেষ্ট সহায় কৰে। কিয়নো এইবোৰত ল’ৰা-ছোৱালীয়ে শিকিবলগীয়া বহু উপদেশ থাকে। আমাৰ অসমীয়া ভাষাতো শুনিলে শুনি থাকিবৰ মন যোৱা বুঢ়ী আইৰ সাধুবোৰ আছে। ঈচপৰ সাধুবোৰো পৃথিবী বিখ্যাত সাধু। এই সাধুবোৰ তোমালোকে পঢ়িবা।

 সাধু কথা লিখাৰ কিছুমান ঠাচ্ আছে। সেই ঠাচ্ সোনকালে আয়ত্ত কৰা টান। ভাষাৰ ওপৰত দখল থাকিলেহে এই কাম সহজ