পৃষ্ঠা:ৰচনা মালিকা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰচনা-মালিকা


ৰূপটোৰ লগত ‘ক’ বিভক্তি যোগ হৈ তৈয়াৰ হৈছে। তা+ ক = তাক।

 গতিকে দেখা গ’ল যে শব্দ বিভক্তি নোলোৱাকৈ বাক্যত ব্যৱহাৰ হব পাৰে আৰু বিভক্তি লৈয়ো ব্যৱহাৰ হব পাৰে। মুঠতে শব্দ বাক্যত ব্যৱহাৰ হ’লেই যিদৰেই নহওঁক কিয় তোমালোকে কেৱল মনত ৰাখিবা যে তাৰ নাম পদ হয়। পদৰ সূত্ৰ সুধিলে তোমালোকে ক’বা—বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটো শব্দকেই পদ বোলে।

 এইবাৰ আকৌ পঢ়া :

 মধুমিতা এজনী ভাল ছোৱালী। এই কথা খিনিৰো অৰ্থ আছে। গতিকে ই এটা বাক্য। এই বাক্যটোৰ প্ৰতিটো পদেই ইটোৰ লগত সিটোৱে অৰ্থ যুক্ত হৈ আছে। পদবোৰ যথা স্থানত থকা কাৰণেহে ইয়াৰ সুন্দৰ অৰ্থ ওলাইছে।

 এই একে বাক্যটোৰ পদবোৰ ওলট-পালটকৈ বহুৱাই চোৱাচোনঃ

 ছোৱালী মধুমিতা ভাল এজনী। এই কথাখিনিৰ কিবা অৰ্থ ওলাইছেনে? কথাখিনিৰ কোনো অৰ্থ ওলোৱা নাই। পদবোৰ যথাস্থানত নবহা কাৰণে ইহঁতে কোনো ভাব প্ৰকাশ কৰিব পৰা নাই। গতিকে ই এটা বাক্য নহ’ল।

 আকৌ পঢ়া :

 গৰুৱে ঘাঁহ খায়।

 এইটো এটা বাক্য। ইয়াৰ পদবোৰৰ পৰস্পৰৰ লগত অৰ্থৰ সঙ্গতি আছে; আৰু ই সম্পূৰ্ণ ভাব প্ৰকাশ কৰিছে।