পৃষ্ঠা:ৰচনা মালিকা.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
ৰচনা মালিকা


 (৪) সন্মানীয়জনে সৰুলৈ লিখিবলৈ হ’লে (পুৰুষ হ’লে ) মৰমৰ বোপা, কল্যাণীয় বোপা বুলি সম্বোধন কৰিব পাৰে। নাইবা ‘মৰমৰ’ বুলি লিখি তাৰ পিছত সৰুজন বা সৰুজনীৰ নামটো লিখিব পাৰে। যেনেঃ—মৰমৰ ৰমেন, মৰমৰ ৰমেশ, মৰমৰ ইলা ইত্যাদি।

 (৫) সমনীয়া বন্ধুলৈ হ’লে প্ৰিয়বন্ধু, প্ৰিয়বৰেষু, বন্ধুবৰেষু আদি লিখিব লাগে। মৰমৰ বুলি লিখি তাৰ পিছত বন্ধুজনৰ নাম লিখিবও পাৰি। যেনে :—মৰমৰ অতুল, মৰমৰ ৰাতুল ইত্যাদি।

 (৬) সমনীয়া বান্ধৱীলৈ হ’লে—মৰমৰ বুলি লিখি তাৰ পিছত বান্ধৱীৰ নামটো লিখিব লাগে।

 (৭) ‘অফিচ’ আদিলৈ লিখা চৰকাৰী চিঠিত ‘মহাশয়’ বুলি সম্বোধন কৰিব লাগে।

 (৮) নিমন্ত্ৰণী চিঠিত সবিনয় নিবেদন বা ডাঙৰীয়া লিখিব লাগে।

 চিঠি লিখা শেষ হোৱাৰ সময়ত মন দিবলগীয়াঃ

 (১) চিঠি লিখা শেষ হলে ‘ইতি’ লিখিব লাগে।

 (২) ‘ইতি’ৰ পিছত মানীজনলৈ লিখা চিঠিত (পুংলিঙ্গ ) সেৱক, (স্ত্ৰীলিঙ্গ) সেৱিকা, “আপোনাৰ বিশ্বাসী”, “আপোনাৰ স্নেহাকাঙ্খী” আদি লিখিব লাগে।

 (৩) সৰুলৈ লিখা চিঠিত “আশীৰ্ব্বাদক”, “শুভাকাঙ্খী” পুৰুষে লিখিব লাগে। আৰু “আশীৰ্ব্বাদিকা”, শুভাকাঙ্খিনী” ইত্যাদি তিৰোতাই লিখিব লাগে।

 (৪) সমনীয়া বন্ধুলৈ হ’লে—“তোমাৰ” বা “তোমালোকৰ”, তোমাৰ বন্ধু আদি লিখিব লাগে।

 (৫) নিমন্ত্ৰণী চিঠিত ‘ইতি’ৰ পিছত ‘বিনীত’ লিখা ভাল।