কৰ্ত্তাক লক্ষ্য বা উদ্দেশ্য কৰিয়ে সাধাৰণতে কথা কোৱা হয়। সেই কাৰণে কৰ্ত্তাৰ আন এটা নাম উদ্দেশ্য। ওপৰৰ বাক্যটোত শিক্ষকক উদ্দেশ্য কৰিয়ে কথাখিনি কোৱা হৈছে। গতিকে বাক্যটোত উদ্দেশ্য হ’ল ‘শিক্ষকে’।
এতিয়া ‘ব্যাকৰণ’ পদটো কি হ’ব চোৱা। কৰ্ত্তাই যাৰ ওপৰত ক্ৰিয়া সম্পন্ন কৰে, অৰ্থাৎ কৰ্ত্তাই যাৰ ওপৰত কোনো কাম কৰে, সিয়েই কৰ্ম্ম। শিক্ষকে ব্যাকৰণৰ ওপৰতহে শিকোৱা কামটো কৰিছে। অৰ্থাৎ শিক্ষকে ব্যাকৰণহে শিকাইছে। এতেকে ‘ব্যাকৰণ’ পদটো হ’ল কৰ্ম্ম।
‘শিকাইছে’ পদটো সমাপিকা ক্ৰিয়া।
বাক্যটোত শিক্ষকে ব্যাকৰণ শিকোৱা কথা কোৱা হৈছে। বা ব্যাকৰণ শিকাইছে বুলি কোৱা হৈছে। মনত ৰাখিবা— যি কথা কোৱা হয় বা যি বুলি কোৱা হয় সিয়েই বিধেয়।
কৰ্ম্ম আৰু ক্ৰিয়া লগলাগি বিধেয় হয়। কোনো কোনো বাক্যত কৰ্ম্ম নাথাকে। তেতিয়া ক্ৰিয়াই বিধেয় হয়। যেনে : কেচুৱাই কান্দে। ইয়াত কৰ্ম্ম নাই। গতিকে ‘কান্দে’ ক্ৰিয়াই বিধেয়।
এতিয়া তেনেহলে ‘শিক্ষকে ব্যাকৰণ শিকাইছে’। এই বাক্যটোত ‘ব্যাকৰণ শিকাইছে’ এইখিনি বিধেয়।
উদ্দেশ্যত উদ্দেশ্যৰ লগতে তাৰ দোষ-গুণ বুজোৱা পদবোৰো থাকে। তেনেকৈ বিধেয়তো কৰ্ম্ম আৰু ক্ৰিয়াৰ দোষগুণ বুজোৱা পদবোৰ থাকে।