পৃষ্ঠা:ৰচনা মালিকা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
ৰচনা মালিকা

 প্ৰঃ—দীঘলে আৰু ওখই ই কেইমিটাৰ মানকৈ হব?

 উঃ—কিছুমান জাতিৰ কুকুৰ দীঘলে প্ৰায় এক মিটাৰ আৰু ওখই প্ৰায় আধা মিটাৰ মানকৈ হয়। কিছুমান আকৌ বোন্দামেকুৰীতকৈ অলপহে ডাঙৰ হয়।

 প্ৰঃ—কুকুৰৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কি কি?

 উঃ—কুকুৰৰ এখন মুখ, দুপাৰি দাঁত, দুটা চকু, দুখন কাণ, এটা নাক, চাৰিখন ঠেং আৰু এডাল নেজ আছে।

 প্ৰঃ—ইয়াৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কেনেকুৱা আৰু কুকুৰে এইবোৰৰ কোনবিধেৰে কি কাম কৰে?

 উঃ— কুকুৰৰ মুখখন অলপ দীঘল ধৰণৰ আৰু ই ক্ৰমে আগলৈ জোঙা। কোনো কোনো জাতিৰ কুকুৰৰ মুখ জোঙা নহয়, থোপোকা। মুখৰ ভিতৰত দুপাৰি চোকা দাঁত আৰু এখন দীঘল জিভা আছে। দাঁতেৰে ই আহাৰ আদি চোবাই খোৱাৰ উপৰিও দৰ্কাৰ হলে আত্মৰক্ষা কৰে। ইয়াৰ মুখত চুটি চুটি কোমল গোঁফ থাকে। কুকুৰৰ যেতিয়া বৰ গৰম আৰু ভাগৰ লাগে তেতিয়া ই জিভা উলিয়াই বিশ্ৰাম লয়। কোনো কোনো জাতিৰ কুকুৰৰ কাণ থিয় আৰু কোনো কোনো জাতিৰ কুকুৰৰ কাণ ওলমি পৰা। কুকুৰৰ ঠেং চাৰিখন সৰু; কিন্তু শক্তিশালী। কুকুৰৰ চাৰিওখন ঠেঙতে চোকা চোকা নখ থাকে। দৰ্কাৰ হলে ই নখেৰে আত্মৰক্ষা কৰে। সাধাৰণতে কুকুৰৰ নেজডাল ওপৰলৈ ঘোৰ খোৱা। ইচ্ছা কৰিলে ই নেজডাল পোনাব পাৰে। কুকুৰৰ গোটেই গাটো চুটি চুটি নোমেৰে ঢকা। কোনো কোনো জাতিৰ কুকুৰৰ নোমবোৰ দীঘল।