পৃষ্ঠা:ৰচনা মালিকা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
ৰচনা মালিকা


কোনো কাম আগলৈহে সম্পন্ন হ’ব—এই ভাব বুজোৱা ক্ৰিয়াবোৰেই হ’ল ভৱিষ্যৎ কালৰ ক্ৰিয়া।

 গতিকে,

 আগলৈ ক্ৰিয়া সম্পন্ন হ’ব—এনে ভাব বুজাবলৈ যি কাল ব্যৱহাৰ কৰা হয় তাকে ভৱিষ্যৎ কাল বোলে।

অনুশীলনী

 ১। কাল বুলিলে কি বুজা?

 ২। কাল কেইবিধ আৰু কি কি?

 ৩ | বৰ্ত্তমান কাল কাক বোলে সূত্ৰ লিখি উদাহৰণ দিয়া।

 ৪। অতীত কাল কাক বোলে সূত্ৰ লিখি উদাহৰণ দিয়া।

 ৪। ভৱিষ্যৎ কাল কাক বোলে সূত্ৰ লিখি উদাহৰণ দিয়া।

নবম পাঠ

উদ্দেশ্য আৰু বিধেয়।

 বিশেষ্য, বিশেষণ, সৰ্ব্বনাম, অব্যয়, ক্ৰিয়া আদি পদ লগ লাগি বাক্য গঠন হোৱা কথাটো তোমালোকে বুজিব পাৰিলা। এইবাৰ বাক্যৰ বিষয়ে আৰু অলপ নতুন কথা শিকা। তলৰ বাক্যটো পঢ়া।

শিক্ষকে ব্যাকৰণ শিকাইছে।

 ইয়াত শিকোৱা কামটো যিয়ে কৰিছে তেঁৱেই কৰ্ত্তা। শিকোৱা কামটো কৰিছে শিক্ষকে। গতিকে ‘শিক্ষকে’ পদটো কৰ্ত্তা।