পৃষ্ঠা:ৰচনা মালিকা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
ৰচনা মালিকা

‘নাখাবা’ ক্ৰিয়াটোক বিশেষকৈ বুজাইছে। গতিকে ‘খৰকৈ’ পদটো বিশেষণ পদ।

 এতিয়া তোমালোকে বিশেষণ পদৰ সূত্ৰ এনেকৈ ক’ব পাৰাঃ

 যি পদে কোনো পদৰ গুণ, ধৰ্ম্ম আদি বিশেষকৈ বুজায় তাকে বিশেষণ পদ বোলে।

: মুখস্থ কৰা :

যি পদে কোনো পদক বিশেষ কৰে,
সেই পদে বিশেষণ পদ নাম ধৰে।


অনুশীলনী

 ১। পদ কেইবিধ আৰু কি কি? প্ৰত্যেক বিধৰে সূত্ৰ লিখা আৰু একোটাকৈ উদাহৰণ দিয়া।

 ২। বিশেষ্য পদেৰে খালী ঠাই পূৰ্ণ কৰা।

 আমাৰ এটা ——আছে। চাউলৰ পৰা——হয়। গৰুৱে⸺ খায়। দুখীয়াসকলক আমি——কৰা উচিত। আমি ৰাতিপুৱা—— পঢ়োঁ।

 ৩। তলৰ বাক্যবোৰত থকা বিশেষণ পদবোৰ বাছি উলিওৱা।

ৰামহঁতৰ এখন ধুনীয়া ফুলনি আছে। ফুলনিত বগা ফুল নাই; ৰঙা ফুলহে আছে। আমাৰ দেউতা ওখ মানুহ। তেওঁ মৰমিয়াল। দেউতাই বেগাই খোজ কাঢ়ে।

 ৪। তলৰ বাক্যবোৰত থকা সৰ্ব্বনাম পদবোৰ বাছি উলিওৱা—

মালতীয়ে মিছা কথা কয়। তাইক মানুহে বেয়া পায়। আমি সদায় সঁচা কথা কওঁ। দেউতা গুৱাহাটীত থাকে। তাত এখন চিৰিয়াখানা আছে।