পৃষ্ঠা:ৰচনা মালিকা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
ৰচনা মালিকা

 (১২) আগৰ বাক্যত ‘যি’ ব্যৱহাৰ কৰিলে পিছৰ বাক্যত ‘সি’ বা ‘তেওঁ’ ব্যৱহাৰ কৰিব লাগে। যেনে;— যি যত্ন কৰে সি ৰত্ন পায়। যি এলেহুৱা তেওঁ সুখ নাপায়।

 ওপৰত উল্লেখ কৰা নিয়ম কেইটাৰ উপৰিও উচ্চ পৰ্য্যায়ৰ ধুনীয়া ধুনীয়া বাক্য লিখিবৰ কাৰণে তোমালোকে আৰু কিছুমান নিয়ম জানিব লাগিব। সেই নিয়মবোৰ ওপৰৰ শ্ৰেণীত গৈ শিকিব পাৰিবা।

একাদশ পাঠ

বানান আৰু যতি চিন

 ধান আৰু শিলগুটি মিহলি ভাত খাই ভাল লাগেনে? জহা চাউলৰ ভাত হ’লেও ধান, শিলগুটি আদি মিহলি ভাত খাই কেতিয়াও ভাল নালাগে। ঠিক সেইদৰে ধুনীয়া আখৰ হলেও যদি তাত বানান ভুল থাকে, তেন্তে সেই লেখা পঢ়িতো ভাল নালাগেই বৰং ই অৰ্থ আদিৰ বিসঙ্গতি ঘটাই লেখাটো নিৰৰ্থক কৰিহে তোলে। পৰীক্ষাত বানান ভুলৰ কাৰণে বহুত নম্বৰ কটা বাবে তোমালোকে এতিয়াৰে পৰা বানানৰ প্ৰতি লক্ষ্য ৰাখিবা। শিক্ষাগুৰুসকলে তোমালোকৰ যি বিলাক বানান ভুল বুলি কাটি দিয়ে সেই বিলাক লগে লগে কিতাপত চাই নাইবা শিক্ষাগুৰুক সুধি শুদ্ধ কৰি ল’বা।

বানানৰ বিষয়ে ক’বলগীয়া বহু কথা আছে। সেইবিলাক ওপৰৰ