পৃষ্ঠা:ৰচনা মালিকা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
ৰচনা মালিকা

৩। ভৱিষ্যৎ কালৰ যি কোনো পাঁচোটা ক্ৰিয়াৰে পাঁচোটা বাক্য সাজা।

৪। যি কোনো পাঁচোটা অসমাপিকা ক্ৰিয়াৰে পাঁচোটা বাক্য সাজা।

⸺⸺

(৬) প্ৰশ্নবোধক বাক্য ৰচনা

নে—তুমি ভাত খালা নে?

কোন—তোমাৰ দেউতাৰা কোন?

কিয়—তুমি ইয়ালৈ কিয় আহিলা?

কলৈ—তোমালোক কলৈ যাবা?

কেনেকৈ—ৰঘু তালৈ কেনেকৈ গ’ল?

অনুশীলনী

১। যি কোনো দহোটা প্ৰশ্নবোধক বাক্য ৰচনা কৰা।

⸻⸻

(৭) নেতি বাচক (নোহোৱা বুজোৱা) বাক্য ৰচনা

নহয়—তাৰ নাম ব্ৰজেন নহয়

নিদিয়ে—দেউতাই মোক কেতিয়াও কু-সঙ্গত ফুৰিব নিদিয়ে

নেখেলোঁ —মই তোমাৰ লগত নেখেলোঁ

নাপাহৰোঁ—আমি তোমাক কেতিয়াও নাপাহৰোঁ

নুশুবা—দেৰিকৈ নুশুবা।

নোপোৱা—ভোগমণ বুঢ়া জীৱনত কোনো সুখ নোপোৱাকৈয়ে ঢুকাল।

অনুশীলনী

১। যি কোনো দহোটা নেতিবাচক (নোহোৱা বুজোৱা) বাক্য ৰচন কৰা৷

⸻⸻