পৃষ্ঠা:ৰচনা মালিকা.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
ৰচনা মালিকা


 প্ৰঃ—তেওঁ আইন পৰীক্ষা দিছিল নে?

 উঃ—তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰপৰা বি, এল পৰীক্ষাতো উত্তীৰ্ণ হয়।

 প্ৰঃ—তেওঁ আইন ব্যৱসায় কৰিছিল নে?

 উঃ—তেওঁ গুৱাহাটীত কিছুদিন ওকালতি কৰিছিল। ব্যৱসায়ত তেওঁ অলপদিনৰ ভিতৰতে যথেষ্ট খ্যাতিও লাভ কৰিছিল। সেই সময়ত গোটেই ভাৰতজুৰি মহাত্মাগান্ধীৰ নেতৃত্বত স্বাধীনতা যুদ্ধ চলে। অসমত ইয়াৰ বতাহ লাগে। গোপীনাথ বৰদলৈয়ে তেতিয়া ওকালতি এৰি দেশ সেৱাত আত্মনিয়োগ কৰে। তেওঁ স্বাধীনতা যুদ্ধত যোগ দিয়ে। এই ক্ষেত্ৰত তেওঁ কাৰাবাসো খাটে।

 প্ৰঃ—স্বাধীনতা যুদ্ধত নামি দেশৰ বাবে তেওঁ কি কৰিলে?

 উঃ—১৯৩৭ চনত তেওঁ অসম বিধান সভালৈ নিৰ্ব্বাচিত হৈ তেওঁ সংযুক্ত মন্ত্ৰীসভা গঠন কৰে। মন্ত্ৰীসভা গঠন হোৱাৰ ১৪ মাহৰ পিছতেই ভাৰতীয় কংগ্ৰেছৰ নিৰ্দ্দেশ মতে তেওঁ মন্ত্ৰীত্ব ত্যাগ কৰে। ১৯৪২ চনত অসহযোগ আন্দোলননত যোগ দি তেওঁ কাৰা-বাস খাটে। তাৰ পিছত আকৌ বিধান সভালৈ নিৰ্ব্বাচিত হয় আৰু কংগ্ৰেছ দলৰ নেতা হৈ মন্ত্ৰীসভা গঠন কৰে।

 প্ৰঃ–বৰদলৈ কিমান চনলৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে?

 উঃ—১৯৫০ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে।

 প্ৰঃ— মুখ্যমন্ত্ৰী হৈ থকা কালছোৱাত বৰদলৈয়ে অসমীয়া জাতিৰ কি কি উপকাৰ সাধিলে?

 উঃ— গুৱাহাটী বিশ্ববিদ্যালয়, বহু কলেজ, মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, ভেটেৰীনেৰী কলেজ, আয়ুৰ্ব্বেদিক কলেজ