পৃষ্ঠা:ৰচনা মালিকা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ৰচনা মালিকা


 ৫। দহোটা অব্যয়ৰ নাম লিখা।

 ৬। অব্যয়েৰে খালী ঠাই পূৰণ কৰা—

ৰমেন, অতুল——ৰাতুল মোৰ সৰু ভাই। ৰিণা——বিৰিণা আহিলেই হব। সি দেউতাকৰ——ফুৰিবলৈ গৈছে। তুমি——নাহা, মই——নাযাওঁ।

 ৭। ক্ৰিয়া প্ৰধানকৈ কেইবিধ? প্ৰত্যেক বিধৰ সূত্ৰ লিখা আৰু উদাহৰণ দিয়া।

 ৮। ধাতু কাক বোলে? ধাতুৰ লগত ধাতু বিভক্তি যোগ দি তিনিটা ক্ৰিয়া পদ গঠন কৰা।

 ৯। খালী ঠাইবোৰত উপযুক্ত ক্ৰিয়া বহুওৱা।

 আমি কিতাপ—–। আয়ে ভাত——। মটৰখন——আছে। ছোৱালীজনীয়ে গান গাই—— আমি স্কুলৰপৰা——খেলিম।

⸻⸻

ষষ্ঠ পাঠ

বচন

 ১। মই ভাত খাওঁ।

 ২। আমি গীত গাওঁ।

 ৩। মানুহজন আহিছে।

 ৪। মানুহবিলাক দৌৰিছে।

 ৫। কিতাপখন ধুনীয়া—

 ৬। কিতাপবোৰ ভালকৈ থোৱা।

 ওপৰৰ বাক্যবোৰত থকা বৰ হাতৰ পদবোৰলৈ চোৱা। ১নং বাক্যত থকা ‘মই’ পদে আৰু ৩নং বাক্যত থকা ‘মানুহজন’ পদে