পৃষ্ঠা:ৰচনা মালিকা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ৰচনা-মালিকা

(৭) আমি সুখে-দুখে জীয়াই আছোঁ।

(৮) ভ্ৰমণ শিক্ষাৰ প্ৰধান অঙ্গ।

 এই বাক্য কেইটাত বৰ হাতৰ পদ কেইটাই কি বুজাইছে? ১ম বাক্যটোত ‘বাঘে’ পদটোৱে এবিধ জন্তুৰ নাম বুজাইছে? ২য় বাক্যটোত ’মানুহ’ পদটোৱে এবিধ প্ৰাণীৰ নাম বজাইছে। ৩য় বাক্যটোতে ‘ভূপেনে’ পদটোৱে এজন মানুহৰ নাম বুজাইছে। ৪ৰ্থ বাক্যটোত ’কলম’ পদটোৱে এটা বস্তুৰ নাম বুজাইছে। ৫ম বাক্যটোত 'গুৱাহাটী’ পদটোৱে এখন ঠাইৰ নাম বুজাইছে। ৬ষ্ঠ বাক্যটোত ‘দয়া’ পদটোৱে এবিধ গুণৰ নাম বুজাইছে। ৭ম বাক্যটোত ‘সুখে-দুখে’ পদটোৱে এটা অৱস্থাৰ নাম বুজাইছে। ৮ম বাক্যটোত ‘ভ্ৰমণ’ পদটোৱে ফুৰা কাৰ্য্য়ৰ নাম বুজাইছে।

 এই নাম বুজোৱা আটাইবোৰ পদকেই বিশেষ্য পদ বোলে। এই খিনিতে তোমালোকে আৰু অলপ কথা জানি থোৱা ভাল হ’ব।

 তলৰ বাক্য দুটা পঢ়া।

 জেলিল অঙ্কত বৰ চোকা। সি অঙ্কত সকলোতকৈ বেছি নম্বৰ পায়। এই বাক্য দুটাৰ প্ৰথমটোত ‘জেলিল’ পদটো বিশেষ্য। ই- এজন লৰাৰ নাম পোনপটীয়াকৈ বুজাইছে। ২য় বাক্যটোৰ ‘সি’ পদটোৱে কাক বুজাইছে বাৰু? ‘সি’ পদটোৱে জেলিলক বুজোৱা নাইনে? নিশ্চয় জেলিলকে বুজাইছে কিন্তু বুজালেও ‘সি’ পদটোৱে জেলিলক আওপকীয়াকৈহে বুজাইছে। পোনপটীয়াকৈ বুজোৱা নাই। তোমালোকে মনত ৰাখিবা, বিশেষ্য পদ হ’বলৈ হ'লে যি কোনো বস্তুৰে নাম পোনপটীয়াকৈ বুজাব লাগিব।