পৃষ্ঠা:ৰচনা মালিকা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
ৰচনা মালিকা

ডাঙৰ হয়। কুকুৰে সাধাৰণতে ছাইৰ দ’ম আদিত শুই ভাল পায়। ই সমাজ পাতি থাকিব নোৱাৰে।

 প্ৰঃ—কুকুৰ ক’ত ক’ত পোৱা যায়?

 উঃ—কুকুৰ পৃথিবীৰ প্ৰায় সকলো দেশতে পোৱা যায়।

 প্ৰঃ—কুকুৰে আমাৰ কি কি উপকাৰ কৰে?

 উঃ—কুকুৰে আমাৰ বহুত উপকাৰ কৰে। ই ৰাতি সাৰে থাকি গৰাকীৰ ঘৰত পহৰা দিয়ে। কুকুৰৰ সহায়ত চিকাৰীসকলে চিকাৰ কৰে। আজি কালি পুলিচে কুকুৰৰ সহায়ত চোৰ-ডকাইতও ধৰে।

 প্ৰঃ—কুকুৰে আমাৰ কিবা অপকাৰ কৰেনে?

 উঃ—নিৰোগী অৱস্থাত সাধাৰণতে কুকুৰে কাকো একো অন্যায় নকৰে। কেতিয়াবা কুকুৰ পগলা হয়। তেতিয়া ই মানুহ, গৰু আদি কামোৰে। পগলা কুকুৰে যাক কামোৰে তৎক্ষণাৎ চিকিৎসা নললে সিও পগলা হৈ মৃত্যুমুখত পৰিব পাৰে। গতিকে পগলা কুকুৰে কামোৰাৰ লগে লগে ডাক্তৰৰ আশ্ৰয় লব লাগে। কেতিয়াবা কোনো কাৰণত ভাল কুকুৰেও কামোৰে। তেতিয়াও ডাক্তৰ আদিৰ আশ্ৰয় নললে মানুহ কিছুদিনৰ পিছত পগলা হৈ মৰিব পাৰে। গতিকে কুকুৰৰ প্ৰতি সকলোৱে সাৱধানে থাকিব লাগে।

  • ওপৰৰ প্ৰশ্নোত্তৰ বোৰৰ সহায়ত তোমালোকে কুকুৰৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।