পৃষ্ঠা:ৰচনা মালিকা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
ৰচনা মালিকা

একোজন একোজন ব্যক্তিক বুজাইছে। ৫নং বাক্যত থকা ‘কিতাপখন’ পদে এখন কিতাপক বুজাইছে। ২নং বাক্যত থকা ‘আমি’ পদে আৰু ৪নং বাক্যত থকা ‘মানুহবিলাক’ পদে এজন ব্যক্তিতকৈ বেছি ব্যক্তিক বুজাইছে। ৬নং বাক্যত থকা ‘কিতাপবোৰ’ পদেও এখন কিতাপতকৈ বেছি কিতাপক বুজাইছে।

 এইদৰে যিয়ে এক, আৰু বহুতৰ বোধ জন্মায় তাকে বচন বোলে।

 বচন দুবিধ। যেনে :— একবচন আৰু বহুবচন।

 একবচন :—যিয়ে এটাক বুজায় তাক একবচন বোলে। যেনে :—মই, মানুহজন, কিতাপখন ইত্যাদি।

 বহুবচন :— যিয়ে এটাতকৈ অধিক বুজায় তাক বহুবচন বোলে। যেনে :—আমি, মানুহবিলাক, কিতাপবোৰ ইত্যাদি।

 একবচনৰপৰা বহুবচন কেনেকৈ কৰা হয় সেই বিষয়ে ওপৰৰ শ্ৰেণীত গৈ বহলাই শিকিব পাৰিবা।

⸻⸻

সপ্তম পাঠ

পুৰুষ

অসমীয়া ভাষাত পুৰুষ তিনিটা। যেনে :—

 ১। উত্তম পুৰুষ

 ২। (ক) মধ্যম মান্য পুৰুষ

 (খ) মধ্যম তুচ্ছ পুৰুষ

 ৩। নাম পুৰুষ