পৃষ্ঠা:ৰচনা মালিকা.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
ৰচনা মালিকা

আহুধান সিঁচে। ধানবিলাক অলপ ওখ হলে গুৰিৰ বন-জাবৰ আদি চাফ কৰি দিয়ে। আহাৰ-শাওণ মাহত ধানে থোৰ মেলে। সেই মাহতে ধান পকে। পকা ধান কাটি আনি মৰণা মাৰি খেতিয়কে ভঁৰালত থয়।

 প্ৰঃ—শালি খেতি কেনেকৈ কৰে?

 উঃ—শালি খেতিৰ কাৰণে কিছু দ মাটি লাগে। এই খেতিৰ কাৰণে খেতিয়কে জেঠ মাহত কঠীয়া সিঁচে। কঠীয়া সিঁচাৰ বাবে ওখ মাটি চাহ কৰি বোকা কৰি লয়। সেই বোকা মাটিত ধানৰ বীজ সিঁচিলে কঠীয়ায়। কঠীয়াবিলাক এমাহ মানৰ ভিতৰতে এক- ডেৰ ফুট ওখ হয়। তেতিয়া সেই কঠীয়াবিলাক সেই ঠাইৰপৰা তুলি নিয়ে আৰু বেলেগ মাটি চহাই বোকা কৰি তাত এক-ডেৰ ফুট আঁতৰে আঁতৰে দুই-চাৰি ডালকৈ কঠীয়া ৰুই দিয়ে। আঘোণ-পুহ মাহত ধান পকে। খেতিয়কসকলে সেই সময়ত ধানবিলাক কাটি আনে আৰু মৰণা মাৰি ভঁৰালত থয়।

 প্ৰঃ—বাও খেতি কেনেকৈ কৰে?

 উঃ—বাও খেতিৰ কাৰণে বেছি দ মাটি লাগে। খেতিয়ক- সকলে ব’হাগ-জেঠ মাহত দ মাটি হাল বাই চাহ কৰে। সেই মাটিত পাতল পাতলকৈ বীজ সিঁচি দিয়ে। পানী বাঢ়ি অহাৰ লগে লগে এই ধানো ওখ হৈ বাঢ়ি আহে। বাও ধান আঘোণ-পুহত পকে। খেতিয়কে সেই পকা ধান কাটি আনি মৰণা মাৰি ভঁৰালত থয়।

 প্ৰঃ—ধান খেতি কেনেকুৱা ঠাইত হয়?

 উঃ— যিবোৰ ঠাইত যথেষ্ট পৰিমাণে বৰষুণ হয়, তাত ধান খেতি হয়।