পৃষ্ঠা:ৰচনা মালিকা.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
ৰচনা মালিকা


সেয়েহে আমি ইয়াৰ উন্নতিৰ কাৰণে সদায় যত্ন কৰোঁ আৰু আমি জীয়াই থাকোঁ মানে ইয়াৰ মঙ্গলৰ কাৰণে যত্ন কৰি থাকিম।

  • ওপৰৰ প্ৰশ্নোত্তৰত বালিলেছা গাওঁখনৰ কথাহে লিখা হৈছে।

 এই কথাখিনি সজাই লিখিলে বালিলেছা গাৱঁৰ বিষয়ে এখন সুন্দৰ ৰচনা হব। তোমালোকে এতিয়া নিজৰ নিজৰ গাৱঁৰ বিষয়ে ওপৰত দেখুওৱা ধৰণে কথাবোৰ ভাবি উলিয়াই একোখন ৰচনা লিখি উলিওৱা।

গুৱাহাটী চিৰিয়াখানা ভ্ৰমণ

প্ৰঃ-চিৰিয়াখানা মানে কি?

উঃ-যি ঠাইত একেলগে নানা ধৰণৰ জীৱ-জন্তু, পশু-পক্ষী গোট খুৱাই ৰাখে তাকে চিৰিয়াখানা বোলে।