নামঘৰ পাতি তাত গাওঁবাসীসকলক শাস্ত্ৰ আলোচনা কৰিবলৈ সুবিধা কৰি দিলে। বিষ্ণুৰ মহিমা প্ৰচাৰৰ উদ্দেশ্যে তেওঁ কীৰ্ত্তন, দশম আদি শাস্ত্ৰ লিখিলে। জনসাধাৰণে সহজে বুজিব পৰাকৈ ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আদি নাট লিখিলে আৰু সেইবোৰ গাৱেঁ-ভূঞে অভিনয় কৰিবলৈ শিকালে। তেওঁ এই উদ্দেশ্যেৰে বহুত বৰগীতো ৰচনা কৰিলে।
শঙ্কৰদেৱে ধৰ্ম্ম প্ৰচাৰ কৰোঁতে বহুতো বাধাৰ সম্মুখীন হ’ব লগা হৈছিল। বিশেষকৈ ৰজাঘৰৰপৰা। সেই সময়ত কছাৰী ৰজাৰ অত্যাচাৰত তেওঁ সপৰিয়ালে মাজুলীলৈ যাবলগীয়া হৈছিল। তাতো সুবিধা নাপাই তেওঁ বৰপেটালৈ যায়। বৰপেটাধামৰ ওচৰৰ পাট- বাউসীত আশ্ৰয় লৈ তেওঁ মনপুতি ধৰ্ম্মচৰ্চা কৰে। সেই পাটবাউসীতে হৰিদেৱ, দামোদৰদেৱ আৰু মাধৱদেৱ তিনিওজনা মহাপুৰুষৰ মিলন ঘটিছিল। শঙ্কৰদেৱে এই সকলক লগত লৈ পাটবাউসীৰ- পৰাই গোটেই অসমত ধৰ্ম্ম প্ৰচাৰ কৰিছিল।
কোঁচৰজা নৰনাৰায়ণ আৰু ভায়েক চিলাৰায়ে শঙ্কৰদেৱক বৰ শ্ৰদ্ধা কৰিছিল। নৰনাৰায়ণৰ ৰাজসভাত থাকি তেওঁ ‘গুণমালা’ নামৰ পুথি ৰচনা কৰে।
মহাপুৰুষ শঙ্কৰদেৱে মৃতপ্ৰায় অসমীয়া জাতিটোক জীয়াই তুলিলে। ধৰ্ম্ম, জ্ঞান, ভাষা, সাহিত্য আদি সকলো ক্ষেত্ৰতে তেওঁ আমাক অশেষ দান দি গ’ল। তেওঁ ১৫৬৮ খৃষ্টাব্দত ছকুৰি বছৰ বয়সত মধুপুৰ সত্ৰত স্বৰ্গী হয়।
এইজনা মহাপুৰুষৰ মহান আদৰ্শ আমি সকলো অসমীয়াই জীয়াই ৰখা উচিত।
⸻⸻
৭