পৃষ্ঠা:ৰচনা মালিকা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
ৰচনা মালিকা

চেঁউৰী আৰু গাই। মাইকী গৰুক সৰুতে চেঁউৰী বোলে। চেঁউৰীয়ে যেতিয়া পোৱালি দিয়ে তেতিয়া তাইক গাই বোলে।

 প্ৰঃ—গৰুৰ স্বভাৱ কেনেকুৱা?

 উত্তৰ :—ই বৰ শান্ত প্ৰাণী। গৰুৱে সাধাৰণতে কাৰো একো অন্যায় নকৰে। ই ঘাঁহ, গছ-লতাৰ পাত, ভুচি, খলিহৈ আদি খাই জীয়াই থাকে। ঘাঁহবোৰ প্ৰথমেই চিঙি চিঙি ভালকৈ নোচাবোৱাকৈ এনেয়ে পেটত ভৰাই থয়। ৰাতি জিৰণি সময়ত পেটৰ পৰা উলিয়াই আকৌ পাগুলি খায়। গৰুৱে জাকপাতি ফুৰি ভাল পায়। গাই গৰুৱে বছৰত এবাৰকৈ পোৱালি দিয়ে।

 প্ৰঃ—গৰু ক’ত ক’ত পোৱা যায়?

 উঃ—গৰু পৃথিবীৰ সকলো দেশতে পোৱা যায়।

 প্ৰঃ—গৰুৱে আমাৰ কি কি উপকাৰ কৰে?

 উঃ—গৰু আমাৰ অতি উপকাৰী জন্তু। গাইগৰুৱে আমাক গাখীৰ দিয়ে। গাখীৰ এবিধ পুষ্টিকৰ খাদ্য। গাখীৰৰপৰা আমি ঘি, মাখন, ছানা আদি নানা ধৰণৰ বস্তু তৈয়াৰ কৰি খাওঁ। বলদ গৰুৰ সহায়েৰে মানুহে হাল বায় আৰু গাড়ী চলায়। গৰুৰ ছামৰাৰ পৰা জুতা, বেগ আদি তৈয়াৰ কৰা হয়। গৰুৰ গোবৰ এবিধ ভাল সাৰ। এই সাৰে খেতি পথাৰ সাৰুৱা কৰে। গৰুৰ হাড়ৰ পৰা বুতাম আদিও তৈয়াৰ কৰা হয়।

 প্ৰঃ—এনে উপকাৰী জন্তুৰ প্ৰতি আমি কি কৰা উচিত?

 উঃ-এনে উপকাৰী জন্তুৰ প্ৰতি আমি সকলোৱে যত্ন লোৱা উচিত।

 এই দৰে গৰুৰ বিষয়ে কৰা ধাৰাবাহিক প্ৰশ্নবোৰৰ উত্তৰ দি