পৃষ্ঠা:ৰচনা মালিকা.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
ৰচনা মালিকা


আদি বিভিন্ন শিক্ষানুষ্ঠান বৰদলৈদেৱৰ চেষ্টাৰ ফলত গঢ়ি উঠিছে। অসমত আজি শিক্ষাৰ যিখিনি উন্নতি হৈছে, সেইখিনিৰ মূলতে বৰদলৈদেৱ। অসমীয়াই তেওঁক কোনোদিনেই পাহৰিব নোৱাৰে। তেওঁ অসমী আইৰ সুযোগ্য সন্তান। তেওঁৰ কৰ্ম্মৰদ্বাৰা তেওঁ সকলোৰে মন জয় কৰিছিল। সেয়েহে ৰাইজে তেওঁক লোকপ্ৰিয় উপাধি দিছিল।

 প্ৰঃ—বৰদলৈ দেৱৰ কেতিয়া মৃত্যু হয়? আমি তেওঁৰ আদৰ্শ অনুসৰণ কৰা উচিত নে?

 উঃ—বৰদলৈদেৱ ১৯৫০ চনৰ ৫ আগষ্টত স্বৰ্গী হয়। আমি সকলোৱে তেওঁৰ গুণ আৰু আদৰ্শ অনুসৰণ কৰা উচিত।

 * ওপৰত দিয়া প্ৰশ্নোত্তৰ চাই গোপীনাথ বৰদলৈৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।