পৃষ্ঠা:ৰচনা মালিকা.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
ৰচনা মালিকা


শত্ৰুবোৰে যাতে পাৰৰ কোনো জীৱন নাশ কৰিব নোৱাৰে তাৰ বাবে আমি চকু ৰাখিব লাগে।

  • ওপৰৰ প্ৰশ্নবোৰৰ সহায়ত পাৰৰ বিষয়ে এখন ৰচনা লিখা।

⸻⸻

গোলাপ

 প্ৰশ্ন :—গোলাপ কি জাতীয় উদ্ভিদ?

 উত্তৰ :—গোলাপ লতা জাতীয় উদ্ভিদ।

 প্ৰশ্ন :—ই দেখিবলৈ কেনেকুৱা?

 উত্তৰ —ই দেখিবলৈ অতি ধুনীয়া। গোলাপক ফুলৰ ৰাণী বোলে। এই উদ্ভিদৰ কিছুমানৰ কাঁইট আছে আৰু কিছুমানৰ কাঁইট নাই। গোলাপৰ পাতৰ ৰং সেউজীয়া।

 প্ৰঃ—গোলাপফুল কি কি বৰণৰ আছে?

 উঃ— ৰঙা, বগা, হালধীয়া আদি নানা ৰঙৰ গোলাপ ফুল আছে।

 প্ৰঃ—ইয়াৰ গোন্ধ আছেনে?

 উঃ—গোলাপৰ গোন্ধ আছে। ইয়াৰ গোন্ধে মন আকৰ্ষণ কৰে।

 প্ৰঃ—গোলাপ গছ কেনেকৈ ৰোৱে?

 উঃ—গোলাপ গছ কলমৰ পৰা হয়। ভাল নিৰোগী গোলাপৰ ডাল কাটি সাৰুৱা মাটিত ৰুলে এই গছ হয়।