পৃষ্ঠা:ৰচনা মালিকা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ খ ]

 মাধ্যমিক শিক্ষা বোৰ্ডে পঞ্চম শ্ৰেণীৰ বাবে অনুমোদন কৰা ৰচনাৰ পাঠ্যক্ৰম অনুসৰি এই পুথিখনি লিখি উলিওৱা হৈছে। কুমলীয়া ছাত্ৰ- ছাত্ৰী সকলৰ বোধ শক্তিলৈ লক্ষ্য ৰাখি পুথিখনি যথাসম্ভৱ সৰল সহজ ভাষাৰে লিখাৰ চেষ্টা কৰা হৈছে। ৰচনা লিখাৰ ক্ষেত্ৰত গতানুগতিকতা বাদ দিয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীয়ে যি কোনো বিষয়ৰ ওপৰত যাতে নিজে নিজে ভাবি ৰচনা লিখিব পাৰে তাৰ বাবে নতুন ৰীতি পুথিখনিত সন্নিবিষ্ট কৰা হৈছে।

 পুথিখনিৰ ব্যাকৰণ অংশটোও যথাসম্ভৱ সহজ সৰলকৈ লিখাৰ চেষ্টা কৰা হৈছে। ব্যাকৰণৰ পাঠবোৰ ৰসাল কৰাৰ উদ্দেশ্যে পুথিখনিত মাজে মাজে পাঠৰ লগত সম্বন্ধ ৰাখি সূত্ৰগন্ধী ছন্দৰ প্ৰয়োগ কৰা হৈছে।

 গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ভাষাবিদ শ্ৰীগোলোকচন্দ্ৰ গোস্বামী এম. এ., ডি. ফিল. দেৱে পুথিখনি চকু ফুৰাই চাই তাত থকা দোষ-ত্ৰুটিবোৰ আঙুলিয়াই দি মোক কৃতাৰ্থ কৰিছে। তেখেতে মোলৈ আগবঢ়োৱা বহুমূলীয়া পৰামৰ্শ, উৎসাহ-উদ্দীপনাৰ কথা মই কেতিয়াও নাপাহৰোঁ।

 প্ৰকাশক শ্ৰীঅমল গুহৰ আশাশুধীয়া চেষ্টা নহ’লে এই পুথিখনি লিখা নহ’লহেঁতেন। শ্ৰীগুহৰ নেৰানেপেৰাতাগিদাতহে ৰচনা- মালিকাৰ জন্ম হ’ল। তেখেতৰ ওচৰত মই কৃতজ্ঞ।

 দিনে-ৰাতিয়ে কষ্ট কৰি মোৰ অনুজ ভাই অতুল, ৰমেন আৰু মোৰ শ্ৰীমতীয়ে ততাতৈয়াকৈ পুথিখনিৰ পাণ্ডুলিপি লিখি নিদিলে সময়মতে ইয়াক প্ৰকাশকৰ হাতত তুলি দিব নোৱাৰিলোঁহেঁতেন। তেওঁলোকলৈও মোৰ স্নেহ আৰু শুভেচ্ছা থাকিল।