পৃষ্ঠা:ৰচনা মালিকা.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
ৰচনা মালিকা

 প্ৰঃ— ধানৰপৰা আমাৰ কি উপকাৰ হয়?

 উঃ—ধানৰপৰা আমাৰ বহুত উপকাৰ হয়। ইয়াৰপৰা আমি চাউল পাওঁ। চাউল আমাৰ প্ৰধান খাদ্য। চাউলৰপৰা আমি ভাত খোৱাৰ উপৰিও নানাবিধ পিঠা, সান্দহ, চিৰা, আদি তৈয়াৰ কৰি খাওঁ। নৰা, খেৰ আদি গৰু-ম’হৰ প্ৰধান খাদ্য। তূঁহ, চাউলৰ মলি আদি লগ লগাই দানা হিচাপে গৰুক দিয়া হয়। দানা গৰুৰ প্ৰিয় খাদ্য।

 প্ৰঃ—আমি এই খেতি কৰিবলৈ শিকা উচিত নে?

 উঃ—আমি সকলোৱে এই খেতি কৰিবলৈ শিকা উচিত। ধান খেতিয়ে আমাৰ প্ৰাণ। মানুহে কথাতে কয় বোলে—“যাৰ নাই ধান, তাৰ নাই মান।’’

  • ওপৰত দিয়া প্ৰশ্নোত্তৰ চাই ধানখেতিৰ বিষয়ে ৰচনা এখন লিখি উলিওৱা।

⸻⸻

তিল পিঠা

 প্ৰঃ—তিল পিঠা কাক বোলে?