পৃষ্ঠা:ৰচনা মালিকা.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ গাওঁ

 প্ৰঃ—আমাৰ গাওঁখনৰ নাম কি?

 উঃ —আমাৰ গাওঁখনৰ নাম বালিলেছা।

 প্ৰঃ—ই কোন জিলাৰ কোন মৌজাত অৱস্থিত?

 উঃ—ই কামৰূপ জিলাৰ খাটা মৌজাত অৱস্থিত।

 প্ৰঃ—ইয়াৰ চাৰিসীমা কি?

 উঃ—আমাৰ গাৱঁৰ উত্তৰে বৰদীঘেলী গাওঁ, পূবে পাগলদিয়া নদী, দক্ষিণে নামদোঙ্গা গাওঁ আৰু পশ্চিমে সৰুদীঘেলী গাওঁ।

 প্ৰঃ—আমাৰ গাওঁখন দেখিবলৈ কেনেকুৱা?

 উঃ—আমাৰ গাওঁখন দেখিবলৈ বৰ ধুনীয়া। সকলো মানুহৰ ঘৰে ঘৰে তামোল-পাণৰ বাৰী আছে। প্ৰায় ভাগ মানুহৰ পদুলিয়ে পদূলিয়ে নাৰিকলৰ গছ আছে। চাৰিওফালে শুৱনি গছ-গছনিৰে