পৃষ্ঠা:ৰচনা মালিকা.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
ৰচনা মালিকা


 অসমত বিহু অতি পুৰণি কালৰেপৰা চলি আহিছে। আমাৰ পূৰ্ব্বপুৰুষসকলেও ইয়াক পালন কৰি আহিছে। বংশৰ পিছত বংশ ধৰি চলি অহা বাবেই বিহু আমাৰ বাপতি সাহোন। অসমৰ পাহাৰে-ভৈয়ামে থকা সকলো জাতি উপজাতিয়ে এই উৎসৱ পালন কৰে। সেয়েহে ই আমাৰ জাতীয় উৎসৱ।

 বিহু তিনিটা। যেনে :—ব’হাগবিহু, কাতি'বহু আৰু মাঘবিহু। ব'হাগবিহুক ৰঙালী, কাতিবিহুক কঙালী আৰু মাঘ বিহুক ভোগালী বিহুও বোলে।

 ব’হাগ মাহত সকলোৰে মনত ৰং লাগে; অৰ্থাৎ গছ-গছনি, চৰাই-চিৰিকতি, জীৱ-জন্তু আদি সকলোৰে গাত আনন্দ লাগে। গছে কুঁহিপাত মেলে। ফুলনিত নানা ৰঙৰ ফুল ফুলে। গছে গছে কুলিয়ে মাতে। আমিও ঢোল-পেপা বজাই, বিহুগীত, হুচৰিগীত আদি গাই ৰঙতে নাচিবাগি ফুৰোঁ। সেইবাবেই ব'হাগ বিহুক ৰঙালী বিহু বোলে।