বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি
[ মুদ্ৰণ ] Bishista Sikshabid Indira Miri: A biographical work by Hiranmoyee Devi and published by Hemanta Kumar Sarmah, Silpukhuri, Guwahati-781003
প্ৰকাশক : হেমন্ত কুমাৰ শৰ্ম্মা, প্ৰবক্তা, গুৱাহাটী বিশ্ববিদ্যালয়।
প্ৰথম প্ৰকাশ : জুন, ২০০১ চন।
© লেখিকাৰ
ডি টি পি কম্পোজ : দীপা দাস, ফ্ৰন্টিয়াৰ ইণ্ডাষ্ট্ৰিজ।
মুদ্ৰণ : ফ্ৰন্টিয়াৰ ইণ্ডাষ্ট্ৰিজ
যোগেন বৰুৱা উপপথ
শিলপুখুৰী, গুৱাহাটী।
মূল্য : ৪০ টকা (চল্লিশ টকা)
আগকথা
নেফা তথা অসমৰ শিক্ষা জগতলৈ স্বনামধন্যা শিক্ষাবিদ্ ইন্দিৰা মিৰিৰ অৱদান অবিস্মৰণীয়। চল্লিশৰ দশকত নেফাত শিক্ষা বিভাগৰ মুৰব্বী বিষয়াৰূপে এমুঠি নিষ্ঠাবান অসমীয়া শিক্ষক-বিষয়াৰ সহযোগত শিক্ষাৰ প্ৰথম ভেটিটো বান্ধোতে তেওঁ অসমীয়া ভাষা শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ আৰু অসমীয়া লিপি প্ৰৱৰ্ত্তনৰ ব্যৱস্থা কৰি পৰ্ব্বত-ভৈয়ামৰ মাজত পুৰণি স্নেহবন্ধন দৃঢ় কৰাৰ প্ৰচেষ্টা চলোৱাৰ লগতে অসমীয়া কলা-কৃষ্টিকো পাহাৰীয়া ভাই-ভণীসকলৰ মাজত জনপ্ৰিয় কৰি তুলি অসমীয়া জাতি, অসমীয়া ভাষালৈ উৎকৃষ্ট সেৱা আগবঢ়াইছিল। এইগৰাকী মহিলাৰ জীৱনটোৱেই সমন্বয়ৰ এক উজ্জ্বল দৃষ্টান্ত; ই প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে অজেয় মানৱাত্মাৰ সংগ্ৰামৰো এক ইতিহাস। এনে এক জীৱন সৰ্ব্বসাধাৰণ মানুহৰ বাবে, ঘাইকৈ উঠি অহা প্ৰজন্মৰ বাবে নিঃসন্দেহে প্ৰেৰণাৰ উৎস। এই ক্ষয়িষ্ণু পৃথিবীত মানুহৰ নিষ্ঠা, সততা, একাগ্ৰতা, নিৰ্ম্মল সেৱাই উপযুক্ত স্বীকৃতি পোৱা উচিত। এনে এক বৰেণ্য জীৱন কালৰ সোঁতত পাহৰণিৰ গৰ্ভত যাতে হেৰাই নেযায় তেনে এক সদিচ্ছাৰেই এই জীৱনী ৰচনাৰ নিঃকিন প্ৰচেষ্টা।
মানুহ হিচাপে জীৱন-চৰিতৰ নায়ক বা নায়িকাগৰাকীৰ ব্যক্তিত্ব, চিন্তাধাৰা আৰু কৰ্ম্মৰাজি তাৰ পটভূমিৰ সৈতে পোহৰাই তুলি সেইজনাৰ এক হুবহু প্ৰতিকৃতি পাঠকৰ আগত দাঙি ধৰাই হৈছে আধুনিক জীৱনী ৰচনাৰ উদ্দেশ্য। অতি ওচৰৰ পৰা ব্যক্তিগৰাকীৰ জীৱনৰ খুটি-নাটি, কথা-বতৰা, আচাৰ-আচৰণ লক্ষ্য কৰি যত্ন সহকাৰে প্ৰস্তুত কৰিলে জীৱনী-সাহিত্য জীৱনৰ সঁচা ছবি হোৱাৰ লগতে উপন্যাসৰ দৰে সৰস ও মনোগ্ৰাহীও হব পাৰে। হয়তো তেনে ধাৰণাৰ বশৱৰ্ত্তী হৈয়েই প্ৰথিতযশা ইংৰাজ সাহিত্যিক ডঃ ছেমুৱেল জনচনৰ জীৱনী লিখাৰ সংকল্প লৈ জীৱনীকাৰ জেম্চ্ বছৱেলে সুদীৰ্ঘকাল তেওঁৰ লগত ছাঁৰ দৰে ঘূৰি ফুৰিছিল। অৱশ্যে তেনে তৎপৰতা সকলোৰে পক্ষে সম্ভৱপৰ নহয়। তথাপিতো, ব্যক্তিগৰাকী ইহসংসাৰ ত্যাগ কৰি যোৱাৰ পিছত তেওঁৰ বিষয়ে পঢ়ি বা ইজন-সিজনৰ মুখ বাগৰি অহা কথা শুনি লিখাতকৈ জীৱিত কালতে তেওঁৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰিব পাৰিলে সেই ৰচনা অধিক প্ৰামাণ্য, অধিক জীৱন্ত হোৱাৰ থল থাকে।
তেনে বিশ্বাসেৰেই বয়োবৃদ্ধা মহিলাগৰাকীৰ ওচৰ চাপিছিলো। মোৰ অভিপ্ৰায় জনাই সেই ক্ষেত্ৰত তেখেতৰ সহায় বিচৰাত প্ৰচাৰ বিমুখ মানুহগৰাকীয়ে পোনতে তেখেতৰ হাতত কোনো তথ্য-পাতি নাই বুলি মোক সেই সংকল্প ত্যাগ কৰিবলৈ কৈছিল। কিন্তু
[ পাতনি ] তেখেতৰ ভাষাৰেই কবলৈ গ’লে, মই “চেলাপেটী জোক লগাদি লাগি থকাত” অবশেষত মিৰি বাইদেৱে তেখেতৰ ব্যক্তিগত জীৱন সম্পৰ্কে মোৰ এলানি প্ৰশ্নৰ উত্তৰ হিচাপে কিছু টোকা প্ৰস্তুত কৰি দিয়াই নহয়, তেখেতৰ সংগ্ৰহৰ পৰা কিতাপ-আলোচনী দিও মোক সহায় কৰিলে। সেই টোকাসমূহ জীৱনীখনৰ অ’ত-ত’ত মই উদ্ধৃতি হিচাপে ব্যৱহাৰ কৰিছো।
শ্ৰীযুতা মিৰিৰ ঘৰৰ পিছপিনৰ বাৰাণ্ডাত বহুদিন ঘন্টাৰ পিছত ঘন্টা বহি তেখেতৰ মুখৰ পৰাই মই অধিকাংশ তথ্য সংগ্ৰহ কৰিছিলো। সেই ক্ষেত্ৰত মই কিছু সমস্যাৰো সন্মুখীন হৈছিলো। বাইদেউৰ হাতত তেখেতৰ ঘটনা-বহুল অতীত জীৱন সম্পৰ্কে কোনো লিখিত বিৱৰণ নাই। ডায়েৰী লিখাৰ অভ্যাসো তেখেতৰ নাছিল। গতিকে মৌখিক তথ্য- পাতিৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰিবলগীয়া হ'লো। তেখেতৰ স্মৰণীয় অতীতক ধৰি ৰখা কোনো পুৰণি ফটোও হেনো বাইদেউৰ হাতত নাই। গতিকে বেটুপাতৰ বাবে নতুনকৈ তোলা ফটোখনত বাদে অন্য ফটো গ্ৰন্থখনত দিব পৰা নগ’ল। সম্প্ৰতি বাইদেউৰ বয়স একানব্বৈ বছৰ পূৰ হওঁ হওঁ। এই বয়সত হয়তো বহু পুৰণি কথা স্মৃতিৰ পৰা মচ খাই গৈছে। যিখিনি সমল তেখেতৰ মুখৰ পৰা পোৱা গৈছে তাতো ক'ৰবাত তথ্যৰ ইফাল সিফাল হব পাৰে। নেফাত তেখেতৰ সৈতে কাম কৰা লোকসকলৰ অধিকাংশই ইতিমধ্যে এই পৃথিৱীৰ পৰা বিদায় লৈছে। আমাৰ অজ্ঞতাবশতঃ তেনে কোনো লোকৰ কথা এই জীৱনীৰ পৰা বাদ যাবও পাৰে। গতিকে গ্ৰন্থখনিৰ সীমাবদ্ধতাৰ বিষয়ে সচেতন হৈ সকলো চ্যুতি-বিচ্যুতিৰ বাবে আগতীয়াকৈ কৰযোৰে ক্ষমা বিচাৰিছো।
যি কেইজন লেখকৰ গ্ৰন্থ ও কাকত-আলোচনীত প্ৰকাশিত প্ৰৱন্ধৰ তথ্য-পাতি আৰু উদ্ধৃতি এই পুথিত সন্নিবিষ্ট হৈছে সেইসকলৰ ঋণ নতশিৰে স্বীকাৰ কৰি জীৱিত-মৃত আটাইকেইজনলৈকে শ্ৰদ্ধা ও কৃতজ্ঞতা জ্ঞাপন কৰিছো। জীৱনীৰ সমল বিচাৰি মই মিৰি বাইদেউৰ দুই চাৰিগৰাকী আত্মীয়ৰো ওচৰ চাপিছিলো। তথ্য-পাতিৰে মোক সহায় কৰা সেইসকলৰ ভিতৰত বাইদেউৰ ভতিজা শ্ৰীলাবু সেনাপতি আৰু ভণী, মোৰ একালৰ সহপাঠী শ্ৰীমতী মৃণালিনী বৰবৰাৰ নাম বিশেষ ভাবে উল্লেখযোগ্য। দুয়োলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছো। পুথিখনিৰ শেষৰ অধ্যায়ত, শ্ৰীযুতা মিৰিৰ ব্যক্তিত্ব সম্পৰ্কে, বিভিন্ন সময়ত তেখেতৰ সান্নিধ্যলৈ অহা কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ লগতে পৰিয়ালৰ দুগৰাকী লোকৰ অভিমত সংযোজন কৰা হ'ল। যিসকলে সময় খৰচ আৰু কষ্টস্বীকাৰ কৰি লিখনি আগবঢ়ালে, যি কেইগৰাকীয়ে বাৰ্দ্ধক্যজনিত অসুস্থতাবশতঃ লেখা দিব নোৱাৰিলেও মৌখিক ভাবে নিজ অভিজ্ঞতা মোক জনালে সেইসকললৈ সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছো। দুই এগৰাকীৰ লেখা দীঘলীয়া হোৱাত ভাৱৰ কোনো বিসংগতি নঘটোৱাকৈ
[ পাতনি ] কিছু অংশ বাদ দিয়া হ'ল, তাৰ বাবে ক্ষমা বিচাৰিছো। পুথিখনি পাণ্ডুলিপি অৱস্থাতে, মোৰ ভাই, স্থানীয় প্ৰাগজ্যোতিষ কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মূৰব্বী শ্ৰীঅনিল শৰ্ম্মাই বৰ্ণাশুদ্ধি আদি চাই দি মূল্যবান দিহা-পৰামৰ্শ আগবঢ়োৱা বাবে তেওঁলৈ আন্তৰিক স্নেহ ও কৃতজ্ঞতা জনাইছো। পুথিখনিৰ মুদ্ৰণৰ দায়িত্বত থকা প্ৰেছৰ কৰ্ম্মীসকলকো ধন্যবাদ জনাইছো।
সদৌ শেষত স্বীকাৰ কৰিব লাগিব, শ্ৰদ্ধেয়া ইন্দিৰা মিৰি বাইদেউৰ সহায়-সহযোগ অবিহনে মোৰ পক্ষে এই কাম সম্ভৱ নহলহেঁতেন। তেখেতে সহৃদয়তাৰে তথ্য-পাতি যোগান ধৰাৰ উপৰিও শিক্ষা-সংস্কৃতি বিষয়ক মোৰ এলানি প্ৰশ্নৰ উত্তৰ বিস্তৃত ভাৱে লিখিত ৰূপত আগবঢ়াইছে। তেখেতৰ বয়সত কেইজনৰ পৰা এনে মানসিক সক্ৰিয়তা, সজীৱতা আমি আশা কৰিব পাৰো? তেখেতলৈ মোৰ অন্তৰৰ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছো। আমাৰ কৰ্ম্মপ্ৰেৰণা হৈ, আমাৰ মাৰ্গ দৰ্শক ৰূপে তেখেত আৰু বহুবছৰ সুস্থ শৰীৰে জীয়াই থাকক—এই আন্তৰিক শুভকামনাৰে সামৰিলো।
হিৰণ্ময়ী দেৱী
গুৱাহাটী
১০ মে, ২০০১ চন।
* * *
[ সূচীপত্ৰ ]
বিষয় সূচী পৃষ্ঠা |
•••
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।