সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

তেওঁক তেৰতোলা সোণৰ এধাৰ বকুল ফুলৰ মালা আৰু এযোৰ দামী কাপোৰেৰে বিদায় সম্ভাষণ জনালে। পিছত বিয়াৰ সময়তো ইন্দিৰালৈ মূল্যবান উপহাৰ পঠোৱাত বাদেও শ্বিলঙৰ পৰা গুৱাহাটীলৈ মানুহ অনা নিয়া কৰিবৰ বাবে ৰজাঘৰে বিনাভাড়াই দুখন গাড়ী পঠিয়াইছিল। সোণাধৰ সেনাপতিয়ে বৰজীয়েক ইন্দিৰাৰ বাবে পাত্ৰ নিৰ্বাচন কৰে মহীচন্দ্ৰ মিৰি নামে এজন জনজাতীয় যুৱকক। মহীচন্দ্ৰ ভৈয়াম জনজাতিৰ অন্তৰ্ভুক্ত মিৰি সম্প্ৰদায়ৰ এজন অগ্ৰণী ডেকা। মিৰি সকল পূৰ্ব্বতে নেফাৰ পৰ্ব্বতীয়া জনজাতিৰ লোক আছিল। কিন্তু পাৰ্ব্বত্য অঞ্চলত খেতি পথাৰৰ বাবে মাটিৰ অভাৱ হেতুকে এসময়ত তেওঁলোকে সেউজীয়া বনাঞ্চলৰ সন্ধানত পাহাৰৰ পৰা নামি আহি ভৈয়ামত নৈৰ পাৰে পাৰে বসতি কৰিবলৈ লয়। কালক্ৰমত মিৰি সকলে হিন্দু ধৰ্ম্ম লৈ অসমীয়া মাত কথা শিকে যদিও নিজস্ব জাতীয় সংস্কৃতিও অক্ষুন্ন ৰাখে। আজিকালি মিৰিসকলে নিজকে মিচিং নামেৰে পৰিচয় দিয়ে। ঢকুৱাখানা অঞ্চলৰ মৌখোৱা গাৱঁৰ মহীচন্দ্ৰ মিৰি তেওঁলোকৰ সম্প্ৰদায়ৰ প্ৰথম বিজ্ঞান স্নাতক আৰু প্ৰথমজন প্ৰশাসনীয় সেৱাৰ বিষয়া। অন্ত্যজাতি আৰু জনজাতীয়সকলৰ উমৈহতীয়া সংগঠনৰ সক্ৰিয় সদস্যৰূপে সংগঠনটোৰ সভাপতি সেনাপতিদেৱৰ ঘৰলৈ তেওঁৰ আহ-যাহ আছিল। ইতিমধ্যে ফৰেষ্ট ই এ.চি ৰূপে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা সেই মিৰি ডেকাজনৰ সুন্দৰ সপ্ৰতিভ চেহেৰা, সৎচৰিত্ৰ আৰু মাৰ্জিত আচৰণে সেনাপতি দেৱক মুগ্ধ কৰিছিল। দুয়ো আছিল একেখন সামাজিক সংগ্ৰামৰে সহযোদ্ধা। ॥ গতিকে সেনাপতিদেৱে মনস্থিৰ কৰিলে – এই জনৰ হাততেই তেওঁৰ বিদূষী কন্যাক অৰ্পণ কৰিব। কিন্তু এগৰাকী প্ৰাপ্তবয়স্কা, সুশিক্ষিতা কন্যাৰ বিয়াৰ বাবে কেৱল পিতৃৰ মতামত, পছন্দ অপছন্দই জানো যথেষ্ট? এই ক্ষেত্ৰত কন্যাৰ ভূমিকা জানো নাই? নিশ্চয় আছে; পিতৃৰ সৈতে ঘনিষ্ঠতা সূত্ৰে মহীচন্দ্ৰক ইন্দিৰাই ভালদৰে জানিছিল। মহীচন্দ্ৰ চাকৰিত সোমোৱাৰ পিছত প্ৰশিক্ষণৰ বাবে ৰেংগুনলৈ যাওঁতে বাটতে কলিকতাত ইন্দিৰাক লগ ধৰি গৈছিল। সেই বিয়াত ছোৱালীৰ কোনো আপত্তি নাছিল। কিন্তু আপত্তি আহিছিল দুয়ো পিনৰ বংশ পৰিয়ালৰ লৰ পৰা। নিজৰ বিয়া সম্পৰ্কে ইন্দিৰা মিৰিয়ে কৈছিল, “১৯৩২ চনত বি. এ. পাছ কৰাৰ পিছতে মোৰ বিবাহ হৈছিল। পিতৃৰ ইচ্ছামতে মোৰ বিবাহ হৈছিল মহীচন্দ্ৰ মিৰিৰ লগত। তেতিয়াৰ দিনত এনে অসবৰ্ণ বিবাহৰ সমৰ্থক নাছিল বুলিলেও অত্যুক্তি নহব; মিৰি আৰু বনিয়া দুয়োকুলৰে দুৰ্ঘোৰ আপত্তি। পিছে পিতৃদেৱ আছিল সময়ৰ বহু আগতে ওপজা অতি জ্ঞানী ব্যক্তি। তেওঁৰ প্ৰগতিশীল মনক কোনেও বাধা দিব নোৱাৰিলে। এই বিবাহে অকল মিৰি আৰু বনিয়া কুলকে যে যুক্ত কৰিছিল এনে নহয়, বৃন্দাবন গোস্বামী, ডাঃ ভুবনেশ্বৰ বৰুৱা প্ৰমুখ্যে বিশিষ্ট বৰ্ণ হিন্দুসকলেও আন্তৰিকতাৰে এই বিয়াত যোগ ১৫