সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ইন্দিৰা মিৰিয়ে ভাগৱতী প্ৰমুখ্যে আমাক তেওঁৰ শিক্ষা অনুষ্ঠানলৈ নিমন্ত্ৰণ দি আগবাঢ়ি যায়। দুই তিনি ঘণ্টাৰ ভিতৰতে তেওঁ যিটো আয়োজন কৰি প্ৰায় দহ বছৰীয়া আদি ল'ৰা এটিব হতুৱাই মৌখিক ভাৱে আদৰণি জনালে সেয়ে আমাক আচৰিত কৰিলে। তাৰ পিছত সেই ল'ৰা বিলাকৰ দল এটিয়ে যি সত্ৰীয়া নাচ দেখুৱালে, বৰগীত গালে তাকে দেখি আমি স্তম্ভিত হ'লো। সেই সময়ত মোৰ মনত স্বৰ্গীয় সোণাধৰ সেনাপতিৰ অমোঘ বাণীয়ে থৌকি- বাথৌকি লগালে। মনতে ভাবিলো—আজি সোণাধৰৰ প্ৰাণৰ কথা তেওঁৰ সুযোগ্যা বিদূষী কন্যাই বাস্তৱ কৰি তুলিছে।” স্বাধীনতা লাভৰ পৰবৰ্ত্তী কালছোৱাত নেফাত ভালে কেইজন সৎ অসমীয়া বিষয়াৰ সমাবেশ ঘটিছিল। সেই প্ৰসংগত নেফাত ৰাজ্যপালৰ উপদেষ্টা ৰূপে কাম কৰা সুলেখক এন কে ৰুস্তমজীয়ে তেওঁৰ From Enchanted Frontiers শীৰ্ষক গ্ৰন্থত এইদৰে লিখিছে, “Sir Akbar Haidari and Gopinath Bardalai had envisaged the ulti- mate ‘integration' of the hills and plains of Assam and the policy pursued therefore was of posting Assamese plains officers to the hills and the hill tribal officers to the plains. They felt that really good officers should be selected so that the first impact of Assam plains officers on the tribal mind should be favourable. Sir Akbar left it entirely to the Chief Minister Bardalai. The Assamese plains officers Laksheshwar Sarmah, Bipin Buragohain and Bharat Bhunya were appointed Political officers and Indira Miri, an exceptionally able lady from the Assam plains tribal community of Miri's as NEFA's Education officer." - এই সৎ আৰু নিষ্ঠাবান বিষয়াসকলৰ সমন্বিত প্ৰচেষ্টাতে নেফাই শৈক্ষিক, সামাজিক দুয়োটা দিশতে প্ৰগতিৰ মুখে দৃঢ় পদক্ষেপে আগবাঢ়িছিল। ইন্দিৰা মিৰিয়ে নেফাত নিযুক্তি লাভ কৰাত এচাম বিষয়াই সন্দেহ প্ৰকাশ কৰিছিল, মহিলা এগৰাকীয়ে এই অৰণ্যৰ মাজত কি কাম কৰিব? কিন্তু তেওঁ প্ৰমাণ কৰি দেখুৱালে যে সততা, মানসিক দৃঢ়তা আৰু কৰ্ম্মৰ প্ৰতি ঐকান্তিক আগ্ৰহ থাকিলে নাৰী পুৰুষ নিৰ্ব্বিশেষে মানুহৰ বাবে অসম্ভৱ একো নাই। ৩৫